বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানত শিশু দিৱস পালন

বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানত শিশু দিৱস পালন

ডিজিটেল সংবাদ, গুৱাহাটীঃ দেশৰ ভিন্ন প্ৰান্তৰ লগতে মহানগৰীস্থিত বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানটো দিনযোৰা কাৰ্যসূচীৰে পালন কৰা হয় শিশু দিৱস। এই শিশু দিৱসত কেবাখনো বিদ্যালয়ৰ কণকণ ছাত্ৰ-ছাত্ৰীসকলৰ লগতে কৰ্কট প্ৰতিষ্ঠানখনত চিকিৎসাধীন হৈ থকা শিশুসকলেও অংশগ্ৰহণ কৰে।

কেক কাটি আৰম্ভ কৰা এই অনুষ্ঠানত শিশুসকলৰ মাজত আয়োজন কৰা হয় চিত্ৰাংকন প্ৰতিযোগিতাৰ। বিজয়ী প্ৰতিযোগীসকলক বঁটা প্ৰদান কৰে দুলীয়াজানস্থিত অসম গেছ কোম্পানীৰ পৰিচালন সঞ্চালক আদিত্য কুমাৰ শৰ্মাই।

চিত্ৰাংকন প্ৰতিযোগিতাৰ অন্তত কণকণ শিশুসকলক দেশৰ প্ৰথমগৰাকী প্ৰধানমন্ত্ৰী জৱহাৰলাল নেহেৰুৰ আদৰ্শ আৰু কৰ্মৰাজিৰ বিষয়ে অৱগত কৰে প্ৰতিষ্ঠানখনৰ কেবাগৰাকী শীৰ্ষ বিষয়ববীয়াই।

উল্লেখ্য যে, উন্নত দেশসমূহত কৰ্কটত আক্ৰান্ত শিশুসকলৰ ৮০ শতাংশই আৰোগ্য লাভ কৰে। বিপৰীতে ভাৰতৰ দৰে দেশত কৰ্কট আক্ৰান্ত শিশুসকলৰ মাত্ৰ ২৫ শতাংশইহে পুনৰ স্বাভাৱিক জীৱন ঘূৰাই পায়। এইক্ষেত্ৰত এতিয়াও সচেতনতাৰ প্ৰয়োজন আছে বুলিও প্ৰতিষ্ঠানখনৰ কেবাগৰাকী শিশু কৰ্কটৰোগ বিশেষজ্ঞই সদৰী কৰে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in