কামপুৰত বাল্যবিবাহ! ১২ বছৰীয়া কন্যাক ৪০ বছৰীয়া লোকলৈ বিয়া দিয়াৰ যো-জা পিতৃৰ, VIDEO

কামপুৰত বাল্যবিবাহ! ১২ বছৰীয়া কন্যাক ৪০ বছৰীয়া লোকলৈ বিয়া দিয়াৰ যো-জা পিতৃৰ, VIDEO

ডিজিটেল সংবাদ, কামপুৰঃ কামপুৰৰ বৰহোলাত বাল্য বিবাহৰ ঘটনা। এগৰাকী ১২ বছৰীয়া কিশোৰীক এজন চল্লিশ বছৰীয়া বিবাহিত লোকলৈ বিয়া দিয়াৰ যো-জা চলাইছিল পিতৃ তৰুণ শইকীয়াই। লোকজন গৰুবন্ধাৰ প্ৰদীপ শইকীয়া বুলি জানিবলৈ পোৱা গৈছে।

স্থানীয় লোকৰ খৱৰৰ ভিত্তিত নগাওঁ জিলাৰ আইন সেৱা প্ৰাধিকাৰী আৰু চাইল্ড লাইনে উদ্ধাৰ কৰে কিশোৰী গৰাকীক। পূৰ্বেও কিশোৰী গৰাকীক প্ৰদীপ শইকীয়ালৈ পলুৱাই দিছিল পিতৃ তৰুণ শইকীয়াই।

সমগ্ৰ ঘটণাটোত ওচতনি দিয়াৰ অভিযোগ উঠিছে প্ৰদীপ শইকীয়া পিতৃ বিৰেন শইকীয়াৰ বিৰুদ্ধে।
বৰ্তমান নগাওঁ জিলাৰ শিশুকল্যান সমিতিৰ তত্বাবধানত ৰখা হৈছে কিশোৰী গৰাকীক।

শিশুকল্যান সমিতিয়ে তৰুন শইকীয়া, প্ৰদীপ শইকীয়া আৰু বিৰেন শইকীয়াৰ বিৰুদ্ধে বিহীত ব্যৱস্থা লোৱাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰা বুলি জানিবলৈ দিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in