সন্ত্ৰাসবাদীৰ বিৰুদ্ধে আমেৰিকাই যি ধৰণেৰে কঠোৰ ব্যৱস্থা হাতত লৈছে, সেইদৰেই ল’ব লাগিব ভাৰতেওঃ চিডিএছ জেনেৰেল বিপিন ৰাৱট

সন্ত্ৰাসবাদীৰ বিৰুদ্ধে আমেৰিকাই যি ধৰণেৰে কঠোৰ ব্যৱস্থা হাতত লৈছে, সেইদৰেই ল’ব লাগিব ভাৰতেওঃ চিডিএছ জেনেৰেল বিপিন ৰাৱট

ডিজিটেল ডেস্কঃ দিল্লীত আয়োজিত ৰায়চিনা ডায়ল'গ, ২০২০ত বৃহস্পতিবাৰে দেশৰ প্ৰথমগৰাকী চিডিএছ জেনেৰেল বিপিন ৰাৱটে অংশ লৈ পাকিস্তানক কঠোৰ ভাষাৰে সকিয়নী প্ৰদান কৰে। সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰতৰ যুঁজ এতিয়াও শেষ হোৱা নাই বুলি মন্তব্য কৰি জেনেৰেল বিপিন ৰাৱটে কয় যে যেতিয়ালৈকে সন্ত্ৰাসবাদৰ মূল শিপা উভালি পেলোৱা নহয়, তেতিয়ালৈকে এই যুঁজ অব্যাহত থাকিব। আনহাতে ৯/১১ সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত আমেৰিকাই সন্ত্ৰাসবাদীৰ বিৰুদ্ধে যি কঠোৰতাৰে আগবাঢ়িছে, সেইদৰেই ভাৰতেও পদক্ষেপ হাতত ল'ব লাগিব বুলি মন্তব্য কৰে চিডিএছ গৰাকীয়ে।

চিডিএছ বিপিন ৰাৱটে কয়, 'যেতিয়ালৈকে সন্ত্ৰাসবাদক স্পনছৰ কৰা দেশ থাকিব, তেতিয়ালৈকে আমি বিপদৰ সন্মুখীন হৈ থাকিব লাগিব। আমি ইয়াৰ বিৰুদ্ধে এন নিৰ্ণায়ক ভূমিকাৰে অৱতীৰ্ণ হ'ব লাগিব। যদি আমাৰ মনলৈ এই ধাৰণা আহে যে সন্ত্ৰাসবাদীৰ বিৰুদ্ধে কৰা যুঁজ শেষ হ'বলৈ ধৰিছে, তেন্তে সেয়া আমাৰ ভুল। তেনে লোক কেতিয়াও আমাৰ সংগী হ'ব নোৱাৰে, যিয়ে সন্ত্ৰাসবাদীক প্ৰযোজিত কৰি আহিছে। তেনে দেশক ৰাজনৈতিক স্তৰতো পৃথক পৃথক কৰা উচিত। সন্ত্ৰাসবাদক স্পনছ'ৰ কৰা যিকোনো দেশকে জবাবদিহী কৰা উচিত।'

আনহাতে তালিবানৰ সৈতে বাৰ্তালাপ সন্দৰ্ভত জেনেৰেল বিপিন ৰাৱটে কয়, 'আপুনি সকলোৰে সৈতে শান্তিপূৰ্ণ সম্পৰ্ক স্থাপন কৰা উচিত। কিন্তু এটা চৰ্তত যে তেওঁলোকে সন্ত্ৰাসবাদৰ পথ ত্যাগ কৰিব লাগিব। যিসমূহ দেশে সন্ত্ৰাসবাদক আশ্ৰয় দি আহিছে, সেইসমূহ দেশৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণ কৰা উচিত। মই ভাৱো ফাইনেন্সিয়েল এক্সন টাক্স ফোৰ্চৰ দ্বাৰা সেইসমূহ দেশক ব্লেকলিষ্ট কৰাটোৱে ভাল হ'ব।'

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in