কামাখ্যাত পূজা কৰি দিল্লীলৈ উভতিল মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈ

কামাখ্যাত পূজা কৰি দিল্লীলৈ উভতিল মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈ

ডিজিটেল ডেস্কঃ দেশৰ উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈয়ে চিআৰপিএফৰ বেষ্টনীৰ মাজত কামাখ্যা মন্দিৰৰ দৰ্শনক লৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল মহন্তই। অসম আৰক্ষীৰ দৰে এটা বিয়াগোম বিভাগ থকাৰ পাছতো পূৰ্বৰ ভ্ৰমণকালত অসমৰ সুযোগ্য সন্তান তথা উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশগৰাকীক প্ৰট'ক'ল অনুসৰি নিৰাপত্তা দিব নোৱাৰাতো দুৰ্ভাগ্যজনক বুলি মন্তব্য কৰিছে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে।

ইয়াৰ বাবে তেওঁ অসম চৰকাৰেই দায়ী বুলি মতপোষণ কৰে। ইফালে আজি কামাখ্যা ভ্ৰমণলৈ অহা মুখ্য ন্যায়াধীশগৰাকীৰ নিৰাপত্তাৰ দিশ তত্ত্বাৱধান কৰে চিআৰপিএফৰ ডিজিপিসহ কেবাগৰাকী শীৰ্ষ বিষয়াই। চিআৰপিএফৰ বিশেষ সঞ্চালক প্ৰভাত সিঙে নিজেই চোৱাচিতা কৰে মুখ্য ন্যায়াধীশগৰাকীৰ নিৰাপত্তা।

কামাখ্যা আৰু বৰঝাৰত অসম আৰক্ষী তথা কামৰূপ মহানগৰ প্ৰশাসন উপস্থিত হৈছিল যদিও, এক প্ৰকাৰৰ এলাগী হৈ পৰিল তেওঁলোকে। তাৰ বিপৰীতে অতি তৎপৰতাৰে মুখ্য ন্যায়াধীশগৰাকীৰ সকলো দিশ চোৱাচিতা কৰে চিআৰপিএফৰ বিষয়াসকলে। ব্যক্তিগত কাৰ্যসূচীৰে কামাখ্যালৈ অহা মুখ্য ন্যায়াধীশগৰাকী কামাখ্যা মন্দিৰত দুপৰীয়া ৩ বজাত উপস্থিত হয়হি।

মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈয়ে কুমাৰী পূজা কৰাকে ধৰি বিধিগতভাৱে কামাখ্যা মন্দিৰ দৰ্শন কৰে। উল্লেখযোগ্য যে, আজিৰ দিনটো আছিল কাতি আৰু আঘোণৰ সংক্ৰান্তি আৰু লগতে জগধাত্ৰী পূজা। সেয়েহে এই দিনটোক অতি শুভ দিন বুলি গণ্য কৰা হয়। সপত্নীৰে কামাখ্যা মন্দিৰত পূজা কৰি বিয়লি মুখ্য ন্যায়াধীশগৰাকী দিল্লীলৈ উভতি যায়।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in