পি চিদাম্বৰামে জামিন লাভ কৰাক লৈ ৰাহুল গান্ধীয়ে কৰিলে টুইট, ক’লে…

পি চিদাম্বৰামে জামিন লাভ কৰাক লৈ ৰাহুল গান্ধীয়ে কৰিলে টুইট, ক’লে…

ডিজিটেল ডেস্কঃ বুধবাৰে জামিন লাভ কৰে প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী পি চিদাম্বৰামে। উচ্চতম ন্যায়ালয়ে জামিন মঞ্জুৰ কৰিলে দেশৰ প্ৰাক্তন বিত্ত মন্ত্ৰী গৰাকীৰ। পি চিদাম্বৰামক আই এন এক্স মিডিয়া কেলেংকাৰীৰ সন্দৰ্ভত জামিন মঞ্জুৰ কৰাৰ পাছত কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে টুইটাৰযোগে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে।

ৰাহুল গান্ধীয়ে টুইটাৰত লিখিছে- 'আশা কৰিছো চিদাম্বৰামে সত্যতা প্ৰমাণ কৰিব। পি চিদাম্বৰামক ১০৬দিন কাৰাবন্দী কৰি ৰখাতো প্ৰতিশোধ লোৱা সদৃশ। উচ্চতম ন্যায়ালয়ে তেওঁৰ জামিন মঞ্জুৰ কৰিলে। আৰু ইয়াক লৈ মই সুখী…।'

উল্লেখ্য যে, ৭৪ বছৰবয়সীয়া প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক ২১ অক্টোবৰত জিম্মাত লোৱা হৈছিল। তদুপৰি,জামিন আবেদন প্ৰথমে দিল্লীউচ্চ ন্যায়ালয়ে খাৰিজ কৰাৰ পাছত চিদাম্বৰমে কাষ চাপিছিল উচ্চতম ন্যায়ালয়ৰ। আৰু অৱশেষত বুধবাৰে তেওঁৰ জামিন মঞ্জুৰ কৰা হয়।উচ্চতম ন্যায়ালয়ে লগতে নিৰ্দেশ প্ৰদান কৰিছে যে, এই সময়চোৱাত ৰাজহুৱা মন্তব্য তথা সাক্ষাৎকাৰযাতে নিদিয়ে চিদাম্বৰমে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in