চেঙাত ক্ষেত্ৰীয় পথ উপ সংমণ্ডলৰ কাৰ্যালয় উদ্বোধন, VIDEO

চেঙাত ক্ষেত্ৰীয় পথ উপ সংমণ্ডলৰ কাৰ্যালয় উদ্বোধন, VIDEO

ডিজিটেল সংবাদ, চেঙাঃ অসম চৰকাৰৰ গড়কাপ্তানী পথ বিভাগৰ ক্ষেত্ৰীয় পথ উপ সংমণ্ডলৰ কাৰ্যালয় এটা সোমবাৰে আনুষ্ঠানিকভাৱে চেঙাত উদ্বোধন কৰা হয়। এই উপলক্ষে বৰপেটা জিলা গড়কাপ্তানী পথ বিভাগৰ উদ্যোগত দিনৰ এক বজাত বিভাগটোৰ চেঙাস্থিত পৰিদৰ্শন বঙলাত এখন উদ্বোধনী সভা অনুষ্ঠিত হৈ যায়। অনুষ্ঠানত অংশগ্ৰহণ কৰি চেঙা সমষ্টিৰ বিধায়ক শুকুৰ আলী আহমেদে চেঙা ক্ষেত্ৰীয় পথ উপ সংমণ্ডলৰ কাৰ্যালয়টোৰ শুভ উদ্বোধন কৰে। এই অনুষ্ঠানত অংশগ্ৰহণ কৰি বৰপেটাৰ জিলা উপায়ুক্ত মুনীন্দ্ৰ শৰ্মাই এই কাৰ্যালয় স্থাপনৰ ফলত সমষ্টিটোৰ ৰাইজে বহুলভাৱে লাভান্বিত হ'ব বুলি উল্লেখ কৰে।

উদ্বোধনী সভাত এ পি জি চি এলৰ সঞ্চালক শংকৰ চন্দ্ৰ দাস, বৰপেটা জিলাৰ অতিৰিক্ত উপায়ুক্ত সাধন কুমাৰ সৰকাৰ, চেঙা জিলা পৰিষদৰ সদস্য বসন্ত ঠাকুৰীয়া, চেঙা ৰাজহ চক্ৰৰ চক্ৰ বিষয়া ৰাজীৱ কুমাৰ দাস, সৰুক্ষেত্ৰী সমষ্টিৰ বিধায়ক জাকিৰ হুছেইন শিকদাৰৰ লগতে গড়কাপ্তানী বিভাগৰ কেইবাজনো অভিযন্তা-বিষয়া উপস্থিত থাকে।

ইফালে বান বিধ্বস্ত চেঙা অঞ্চলৰ তথৈবচ পথ ব্যৱস্থাই সমষ্টিটোৰ সাধাৰণ ৰাইজক দীৰ্ঘদিন ধৰি যাতায়াতৰ ক্ষেত্ৰত আহুকালৰ সৃষ্টি কৰি অহাৰ সময়তে চেঙাত গড়কাপ্তানী পথ বিভাগৰ এই কাৰ্যালয় স্থাপনে অনাগত দিনত এই সমস্যাৰ সমাধানত নিৰ্ণায়ক ভূমিকা পালন কৰিব পাৰিব বুলি আশা প্ৰকাশ কৰিছে চেঙা ঐক্য সন্মিলনৰ সভাপতি -সম্পাদক ক্ৰমে অনিল চন্দ্ৰ পাঠক আৰু কুলেন্দ্ৰ ডেকাৰ লগতে স্থানীয় চেঙা আঞ্চলিক ছাত্ৰ সন্থাই।

চেঙাত এই কাৰ্যালয় স্থাপন কৰা বাবে বিভাগীয় কৰ্তৃপক্ষক চেঙা ঐক্য সন্মিলন আৰু ছাত্ৰ সন্থাই কৃতজ্ঞতা জ্ঞাপন কৰিছে। উল্লেখ্য যে, উদ্বোধনী সভাখনত নিজ চেঙা গাঁও পঞ্চায়তৰ সভাপতি বিনীতা ৰয়, আঞ্চলিক সদস্য অনিতা পাঠক, ৰৌমাৰী পাথাৰ গাঁও পঞ্চায়তৰ সভাপতি জুলহাজ আলী, বৰপেটা জিলা ছাত্ৰ সন্থাৰ প্ৰাক্তন ভাৰপ্ৰাপ্ত সভাপতি খনিন পাঠক, যুৱ নেতা আতিকুৰ ৰহমান, নিজ চেঙা গাঁও পঞ্চায়তৰ প্ৰাক্তন সভাপতি গৌতম পাঠকৰ উপৰিও কেইবাগৰাকীও বিশিষ্ট লোক উপস্থিত থাকে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in