অৱসৰপ্ৰাপ্ত জিলা আৰু চেচন ন্যায়াধীশ ইছমাইল হুছেইন মল্লিকৰ পৰলোকপ্ৰাপ্তি

অৱসৰপ্ৰাপ্ত জিলা আৰু চেচন ন্যায়াধীশ ইছমাইল হুছেইন মল্লিকৰ পৰলোকপ্ৰাপ্তি

ডিজিটেল সংবাদ, চেঙাঃ অৱসৰপ্ৰাপ্ত জিলা আৰু চেচন ন্যায়াধীশ ইছমাইল হুছেইন মল্লিকৰ বুধবাৰে পৰলোকপ্ৰাপ্তি ঘটে। আইনৰ ক্ষেত্ৰখনত বৰ্ণাঢ্য কেৰিয়াৰেৰে কৰ্ম-জীৱন সামৰা আই এইচ মল্লিকৰ যোৱা নিশা ২:২০ বজাত বৰপেটাৰ গান্ধীনগৰৰ নিজ বাসভৱনত বাৰ্ধক্যজনিত কাৰণত পৰলোকপ্ৰাপ্তি ঘটে। মৃত্যুৰ সময়ত মল্লিকৰ বয়স আছিল ৭৭ বছৰ।

১৯৪৩ চনৰ ১ মাৰ্চত বৰপেটা জিলাৰ তাৰাবাৰীত জন্মগ্ৰহণ কৰা মল্লিকে ১৯৫৬ চনত তাৰাবাৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰা প্ৰথম বিভাগত মেট্ৰিক পাছ কৰে। ১৯৬১ চনত কটন মহাবিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী গ্ৰহণ কৰে ।  বি. এ. পাছ কৰিয়েই বৰপেটা জিলাৰ চেনিমাৰী আজাদ মেমৰিয়েল হাইস্কুলত শিক্ষকতাৰে কৰ্মজীৱন আৰম্ভ কৰে। কিছুদিন পিছতেই তেওঁ কয়াকুছি হাইস্কুলত শিক্ষক হিচাপে যোগদান কৰে।  একেটা বছৰতে শিক্ষকতা এৰি বৰপেটা গড়কাপ্তানি বিভাগৰ একাউণ্ট অফিচাৰ হিচাপে যোগদান কৰে। চৰকাৰী এই চাকৰি এৰি তেওঁ  আইনৰ স্নাতক ডিগ্ৰী লাভ কৰিবলৈ ১৯৬২ চনত আলিগড় মুছলিম বিশ্ববিদ্যালয়ত নাম ভৰ্তি কৰে।

আইনৰ ডিগ্ৰী গ্ৰহণ কৰি ১৯৬৭ চনত প্ৰথমতে বৰপেটা জিলা আদালতত যোগদান কৰে। ওকালতি এৰি ৰাজনীতিত প্ৰত্যক্ষ ভাৱে জৰিত হয়। তেওঁ পঞ্চায়ত নিৰ্বাচনত জয়ী হৈ চেঙা আঞ্চলিক পঞ্চায়তৰ সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰে । ১৯৭২ চনত চেঙা বিধান সভা সমষ্টিৰ পৰা নিৰ্দলীয় প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা আগবঢ়াই মাত্ৰ তিনি শতাধিক ভোটৰ ব্যৱধানত পৰাজয় বৰণ কৰে। বিধান সভা নিৰ্বাচনত পৰাজয়ৰ পিছতেই তেওঁ ৰাজনীতি ত্যাগ কৰে আৰু ১৯৭৩ চনত ধুবুৰী জিলা ন্যায়ালয়ৰ মুঞ্চিফ হিচাপে চাকৰিত যোগদান কৰে। ইয়াৰ পিছত তেওঁ ন্যায়িক দণ্ডাধীশ হিচাপে গুৱাহাটী, হাইলাকান্দি,শিলচৰ আৰু এছ ডি জে এম হিচাপে হোজাই, গোলাঘাট, লখিমপুৰ আদিত ন্যায়িক সেৱা আগবঢ়োৱাৰ পাছত মুখ্য ন্যায়িক দণ্ডাধীশলৈ পদোন্নতি হয়।

চি জে এম হিচাপে দৰং আৰু নলবাৰী জিলা ন্যায়ালয়ত কাৰ্যনিৰ্বাহ কৰে। ইয়াৰ পিছত তেওঁৰ পুনৰ পদোন্নতি হয়। সহকাৰী জিলা আৰু চেচন ন্যায়ধীশ নং ১ হিচাপে কামৰূপ জিলাত যোগদান কৰে। মল্লিকৰ দক্ষতাৰ ভিত্তিতে জিলা আৰু চেচন ন্যায়ধীশ পদত অধিষ্ঠিত হয়। জিলা আৰু চেচন ন্যায়ধীশ হিচাপে যোৰহাট, কৰিমগঞ্জ , ধুবুৰী আৰু ২০০৩ চনত মল্লিকে বঙাইগাঁৱৰ পৰা অৱসৰ লয়। অৱসৰ গ্ৰহণ কৰাৰ পাছতো বিদেশী ন্যায়ধিকৰণৰ সদস্য হিচাপে যোগদান কৰে। নগাঁও, ডিফু আৰু শিলচত ন্যায়িক সেৱা আগবঢ়োৱাৰ পিছত ২০০৭ চনত তেওঁ কৰ্মজীৱনৰ পৰা অৱসৰ লয়।

ইয়াৰ পিছত তেওঁ বৰপেটাৰ নিজ বাসভৱনত থাকিবলৈ লয়। কিছুদিন পূৰ্বে তেওঁৰ স্বাস্থ্যৰ অৱনতি ঘটাত তেখেতক গুৱাহাটীৰ হেল্থ চিটিত ভৰ্তি কৰা হয় যদিও চিকিৎসকৰ পৰামৰ্শ মতে মংগলবাৰে ঘৰলৈ নিয়া হয়। মৃত্যুৰ সময়ত মল্লিকে পত্নী, চাৰিগৰাকীকৈ কন্যা , জী-জোঁৱাই, নাতি-নাতিনী ইহসংসাৰত এৰি থৈ যায়।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in