চেঙাত দিবা-নৈশ ভলিবল খেল প্ৰতিযোগিতা সম্পন্ন, জয়ী চি ভি ৰমণ ছায়েন্স একাডেমি, ভেল্লা…

চেঙাত দিবা-নৈশ ভলিবল খেল প্ৰতিযোগিতা সম্পন্ন, জয়ী চি ভি ৰমণ ছায়েন্স একাডেমি, ভেল্লা…

ডিজিটেল সংবাদ, চেঙা: বৰপেটা জিলাৰ চেঙা বেচিক খেলপথাৰত চেঙা আঞ্চলিক ক্ৰীড়া সন্থাৰ উদ্যোগত শনিবাৰে অসম ভিত্তিত অনুষ্ঠিত হয় এখন এদিনীয়া দিবা-নৈশ ভলিবল খেল প্ৰতিযোগিতা। প্ৰতিযোগিতাখন উদ্বোধন কৰে বিশিষ্ট সমাজ কৰ্মী তথা প্ৰতিযোগিতাখনৰ প্ৰথম পুৰস্কাৰ দাঁতা ইলিয়াছ আলীয়ে।

৮ টা দলে অংশগ্ৰহণ কৰা প্ৰতিযোগিতাখনত প্ৰথম পুৰস্কাৰ চি ভি ৰমণ ছায়েন্স একাডেমি ভেল্লা দলে লাভ কৰাৰ বিপৰীতে দ্বিতীয় পুৰস্কাৰ লাভ কৰে বাটগাঁও চি পি ক্লাব দলে। শ্ৰেষ্ঠ খেলুৱৈৰ সন্মান লাভ কৰে মুগদি সোনাপুৰ ক্লাৱৰ প্ৰতীক কাকতিয়ে।

পূৱ চেঙা সমবায় সমিতিৰ সভাপতি ইক্ৰাম হুছেইনৰ সভাপতিত্বত অনুষ্ঠিত প্ৰতিযোগিতাখনৰ উদ্বোধনী অনুষ্ঠানত সদৌ অসম সাংবাদিক সন্থাৰ সাধাৰণ সম্পাদক নকুল তালুকদাৰ, অসম ঔদ্যোগিক উন্নয়ন নিগমৰ উপাধ্যক্ষ জিতু তালুকদাৰ, অগপৰ বৰপেটা জিলা সমিতিৰ উপ সভাপতি ৰবিউল হুছেইন, চেঙা জিলা পৰিষদৰ সদস্য বসন্ত ঠাকুৰীয়া, বিৰিণা গোষ্ঠী অসমৰ সভাপতি লীলাধৰ পাঠক, সদৌ অসম গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদৰ বৰপেটা জিলা সমিতিৰ কাৰ্যকৰী সভাপতি ময়ুৰ আলীয়ে বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in