কাকধোৱাত গ্ৰন্থ আৰু বাণিজ্য মেলাৰ সফল সামৰণি

কাকধোৱাত গ্ৰন্থ আৰু বাণিজ্য মেলাৰ সফল সামৰণি

ডিজিটেল সংবাদ, চেঙাঃ বৰপেটা জিলাৰ চেঙা বিধানসভা সমষ্টিৰ অন্তৰ্গত কাকধোৱাত তিনিদিনীয়াকৈ অনুষ্ঠিত প্ৰথম বাৰ্ষিক গ্ৰন্থ আৰু বাণিজ্য মেলাৰ দেওবাৰে সফল সামৰণি পৰে। কাকধোৱা নৱজ্যোতি যুৱ সংঘ আৰু গণকপাৰা ৰাজীৱ গান্ধী স্মৃতি যুৱ সংঘৰ যৌথ উদ্যোগত ৪৩ সংখ্যক বাৰ্ষিক অধিবেশনৰ লগতে প্ৰথম বাৰ্ষিক গ্ৰন্থ আৰু বাণিজ্য মেলা যোৱা ৮ মাৰ্চৰ পৰা আৰম্ভ হৈছিল। দেওবাৰে অৰ্থাৎ শেষৰ দিনটোত সমাজসেৱী ৰবিউল হুছেইনৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভাখনত মুখ্য অতিথি হিচাপে উপস্থিত থাকি ভাষণ প্ৰদান কৰে ৰে'ল বিভাগৰ ডি আই জি আবু ছুফিয়ানে।

ছুফিয়ানে বিজ্ঞান শিক্ষাৰ ওপৰত গুৰুত্ব প্ৰদান কৰি কয় যে- আমাৰ জ্ঞান অন্বেষণৰ চিৰ প্ৰবাহিত গতিৰ শূন্যতাই আমাৰ আটাইতকৈ ডাঙৰ সমস্যা। বিজ্ঞান মনঃস্তাত্বিক শিক্ষাৰে আমি আমাৰ সমাজক আগুৱাই নিব লাগিব বুলি উল্লেখ কৰি বাল্যবিবাহ, বহুবিবাহ, জনসংখ্যা বিস্ফোৰণৰ ওপৰত অতি গুৰুত্বপূৰ্ণ আৰু সময় উপযোগী বক্তব্য ৰাখে ৰে'ল বিভাগৰ ডি আই জি আবু ছুফিয়ানে। উদযাপন সমিতিৰ সম্পাদক জাহিৰ ইকবাল খানে প্ৰতিবেদন পাঠ কৰা মুকলি সভাখনত সদৌ অসম কৰ্মচাৰী পৰিষদৰ সম্পাদক প্ৰধান ফকৰ উদ্দিন আহমেদকে ধৰি কেইবাগৰাকী বিশিষ্ট লোকে ভাষণ প্ৰদান কৰে।

গ্ৰন্থ আৰু বাণিজ্য মেলাৰ কাৰ্যসূচী অনুসৰি প্ৰথমদিনা পতাকা উত্তোলন, কুইজ আৰু বিভিন্ন খেল-ধেমালি অনুষ্ঠিত হয়। দ্বিতীয় দিনা অৰ্থাৎ শনিবাৰে বিভিন্ন সাংস্কৃতিক অনুষ্ঠানৰ উপৰি সন্ধিয়া "অসমীয়া ভাষা-সংস্কৃতিলৈ পূৰ্ব বংগীয়মূলৰ মুছলমান সকলৰ অৱদান " শীৰ্ষক এখন আলোচনা চক্ৰও অনুষ্ঠিত হৈ যায়। বিশিষ্ট লেখক মাইনুল হক চৌধুৰীৰ সঞ্চালনাত অনুষ্ঠিত আলোচনা চক্ৰত আলোচক হিচাপে উপস্থিত থাকি বিষয়ৰ ওপৰত নিৰ্মোহ বিশ্লেষণ আগবঢ়ায় চৰ-চাপৰি সাহিত্য পৰিষদৰ সভাপতি ড° হাফিজ আহমেদ, লেখিকা পাৰভিন চুলতানা, কবি আক্ৰাম হুছেইন শিকদাৰে।

আলোচনা চক্ৰত আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকি সমাজ উত্তৰণত সাহিত্য আৰু গ্ৰন্থ অধ্যয়নৰ ওপৰত বক্তব্য আগবঢ়ায় বিৰিণা গোষ্ঠী, অসমৰ সভাপতি তথা সাংবাদিক লীলাধৰ পাঠকে। হৰিপুৰ জিলা পৰিষদৰ সদস্য আমজাদ আলী শিকদাৰৰ উপৰি কেইবাগৰাকী বিশিষ্ট লোকে আলোচনা চক্ৰত অংশগ্ৰহণ কৰে। বিভিন্ন ঠাইৰ কেইবাখনো গ্ৰন্থ বিপনীৰ লগতে বিভিন্ন ঠাইৰ ব্যৱসায়িক প্ৰতিষ্ঠানৰ অংশগ্ৰহণেৰে দেওবাৰে তিনিদিনীয়া প্ৰথম বাৰ্ষিক গ্ৰন্থ আৰু বাণিজ্য মেলাৰ সফল সামৰণি পৰে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in