চাউলিন ফুকনলৈ মিষ্টাৰ চৰাইদেউ খিতাপ দখল

চাউলিন ফুকনলৈ মিষ্টাৰ চৰাইদেউ খিতাপ দখল

ডিজিটেল সংবাদ, চৰাইদেউঃ চৰাইদেউ জিলাৰ সোণাৰি ইউনিভাৰচেল ফ্লেক্স জিমৰ প্ৰশিক্ষাৰ্থী চাউলিন ফুকনে চলিত বৰ্ষৰ মিষ্টাৰ চৰাইদেউৰ খিতাপ দখল কৰিবলৈ সক্ষম হৈছে। জিলাখনৰ সোণাৰি ৰাজহুৱা প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা স্বৰ্গীয় প্ৰভাত চন্দ্ৰ বৰা সোঁৱৰণী শৰীৰ চৰ্চা প্ৰতিযোগিতাত চাউলিন ফুকনে এই খিতাপ লাভ কৰে।

ইউনিভাৰচেল ফ্লেক্স জিমৰ উদ্যোগত অনুষ্ঠিত হোৱা এই প্ৰতিযোগিতাত অনন্ত চাংমাইয়ে মিষ্টাৰ ফিটনেছৰ খিতাপ লাভ কৰে। প্ৰতিযোগিতা খনৰ বডিবিল্ডিং শাখাত চাউলিন ফুকনে প্ৰথম স্থান লাভ কৰাৰ লগতে অনন্ত চাংমাইয়ে দ্বিতীয়, জিতু বৰগোহাঁয়ে তৃতীয় তথা নিতুল কমল মানকী আৰু চন্দন কোঁৱৰে যুটীয়াভাৱে চতুৰ্থ স্থান লাভ কৰে।

আনহাতে প্ৰতিযোগিতা খনৰ ফিটনেছ শাখাত আমাণ্ডা চাংমাইয়ে প্ৰথম, পাৰ্থ প্ৰতিম কোঁৱৰে দ্বিতীয়, অভিনৱ বৰাই তৃতীয়, চন্দন কোঁৱৰে চতুৰ্থ আৰু ৰাহুল মাহাতয় পঞ্চম স্থান লাভ কৰে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in