আজিও অব্যাহত তিনি তালাক, সন্তান সম্ভৱা মহিলাক প্ৰহাৰ কৰি স্বামীয়ে বিবাহ বিচ্ছেদ কৰিলে ক’ত…

আজিও অব্যাহত তিনি তালাক, সন্তান সম্ভৱা মহিলাক প্ৰহাৰ কৰি স্বামীয়ে বিবাহ বিচ্ছেদ কৰিলে ক’ত…

ডিজিটেল ডেস্কঃ এগৰাকী মহিলাৰ দুখৰ কাহিনী।দীৰ্ঘদিন ধৰি এই বোৱাৰীগৰাকীক অত্যাচাৰ চলাই আহিছিল। ছত্তীশগড়ৰ উজমা পাৰ্বিন নামৰ মহিলাগৰাকীক সোমবাৰেও শহুৰৰ পৰিয়াল আৰু স্বামীয়ে প্ৰহাৰ কৰিছিল।

তাৰপাছত ৫ বছৰ ধৰি এই নিৰ্যাতন চলোৱা মহিলাগৰাকীক তিনি তালাকেৰে বিবাহ বিচ্ছেদ কৰিলে স্বামীয়ে। ঘৰৰ পৰা বাহিৰ কৰি দিলে পত্নীক। কেন্দ্ৰীয় চৰকাৰে তিনি তালাক নিষিদ্ধৰে আইন প্ৰণয়নৰ পাছতো বন্ধ হোৱা নাই তিনি তালাক।

সন্তানক পোহ-পাল দিবলৈ ধন বিচৰাই অপৰাধ হ'ল মহিলাগৰাকীৰ। যাৰ বাবে দীৰ্ঘদিন অত্যাচাৰৰ সন্মুখীন হৈ অহা ছত্তীশগড়ৰ মনেন্দগড় থানাৰ অন্তৰ্গত এই মহিলাগৰাকীক তিনি তালাকেৰে বিবাহ বিচ্ছেদ কৰাৰ পাছত সহায় বিচাৰি মহিলাগৰাকী কাষ চাপে আৰক্ষীৰ।

আৰক্ষীয়ে মহিলাগৰাকীৰ স্বামীক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে। উল্লেখযোগ্য যে, মহিলাগৰাকী আছিল সন্তান সম্ভৱা। এই সন্দৰ্ভত আৰক্ষীয়ে মুছলিম ৱ'মেন এক্ট ২০১৯ আৰু আই পি চি ধাৰাত গোচৰ ৰুজু কৰিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in