চৰাইদেউৰ বনাঞ্চলত অবাধে চলিছে বন ধ্বংস, নিৰ্লিপ্ত ভূমিকাত বন বিভাগ

চৰাইদেউৰ বনাঞ্চলত অবাধে চলিছে বন ধ্বংস, নিৰ্লিপ্ত ভূমিকাত বন বিভাগ

ডিজিটেল সংবাদ, চৰাইদেউঃ চৰাইদেউ জিলাত ব্যাপক হাৰত চলি আছে বন ধ্বংস। জিলাখনৰ নাফুকস্থিত সোনাৰি বন সংমণ্ডলৰ অধীনৰ মথুৰাপুৰ অঞ্চলৰ গাতে লাগি থকা চলা সংৰক্ষিত বনাঞ্চল ধ্বংস কৰি একাংশ কাঠ মাফিয়াই অবৈধ ভাবে চোৰাং কাঠৰ ৰমৰমীয়া ব্যৱসায়ী চলাই অহাৰ দীৰ্ঘ দিন ধৰি অভিযোগ উত্থাপিত হৈ আহিছে। এই ক্ষেত্ৰত কোনো ধৰণৰ বিহিত ব্যৱস্থা গ্ৰহণ কৰা নাই বন বিভাগে।যাৰ পৰিপ্ৰেক্ষিতত মঙলবাৰে নিশা ভাগত পথৰ কাষতে থকা এজোপা মূল্যবান প্ৰকাণ্ড গছ দুষ্কৃতিকাৰীয়ে কাটি নিয়া ঘটনা পোহৰলৈ অহাৰ পিছত স্হানীয় সচেতন মহল প্ৰতিক্ৰিয়া সৃষ্টি কৰিছে ৷

উল্লেখ্য যে নান জৈৱ বিচিত্ৰেৰে ভৰপূৰ এই সংৰক্ষিত বনাঞ্চল খন একাংশ দুষ্কৃতিকাৰীয়ে কবলত পৰি অস্তিত্ব সংকটত পৰিছে ৷বনাঞ্চল খনৰ সুৰক্ষা বাবে ইয়াত এটা বিট অফিচ আৰু বনকৰ্মী নিয়োগ কৰিছে যদিও চোৰাং কাঠ ব্যৱসায়ী বিৰুদ্ধে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰা অভিযোগ উত্থাপিত হৈ আহিছে ৷ আনহাতে বনাঞ্চল খনৰ কিছু নিলগত দুয়োটা দিশত মথুৰাপুৰ আৰু লাকুৱা আৰক্ষী থানা আছে যদিও চোৰাং কাঠকটীয়াই কি দৰে মূল্যবান গছ গছনিবোৰ কাটি নিবলৈ সক্ষম হৈ সেয়া ৰাইজৰ মন প্ৰশ্ন উদয় হৈছে ৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in