চৰাইদেউ বামুণবাৰীৰ ৰাইজে বন্ধ কৰিলে পথ নিৰ্মাণৰ কাম, VIDEO

চৰাইদেউ বামুণবাৰীৰ ৰাইজে বন্ধ কৰিলে পথ নিৰ্মাণৰ কাম, VIDEO

ডিজিটেল সংবাদ, চৰাইদেউঃ কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে ৰাস্তা-ঘাটৰ উন্নয়নৰ বাবে পুঁজি আবন্টন দিছে যদিও এনে পথ নিৰ্মাণৰ দায়িত্ব পোৱা একাংশ ঠিকাদাৰ আৰু বিভাগীয় বিষয়া অভিযন্তা লগতে একাংশ ৰাজনৈতিক নেতাৰ দুৰ্নীতি আৰু মইমতালি বাবেই ৰাস্তা পদূলি নিৰ্মাণ কৰাত অতি নিম্নমানৰ হৈছে৷ তেনে এক উদাহৰণ হ'ল গড়কাপ্তানি বিভাগ নাজিৰা গ্ৰাম্য পথ সংমণ্ডল তত্ত্বাৱধানত নিৰ্মাণ হৈ থকা চৰাইদেউ বামুণবাৰী এটা পথ৷

প্ৰধানমন্ত্ৰী গ্ৰামচড়ক যোজনাৰ অধিনত চৰাইদেউ বাগিছা চাৰিআলিৰ পৰা বামুণবাৰীলৈকে ১,৫২৩ কিঃমিঃ পথ পেভাৰ ব্লকেৰে নিৰ্মাণ বাবে প্ৰায় 86 লাখ টকাত আবন্টন লাভ কৰিছিল৷ পথছোৱা নিৰ্মাণৰ বাবে নাজিৰাৰ এজন ঠিকাদাৰে ঠিকা লাভ কৰে। কিন্তু ঠিকাদাৰে নিজা খেয়ালখুচি মতে মইমতালিৰে কোনো শিল বালি আদি নমৰাকেই ব্লক সমূহ বহাই দিয়ে লগতে পথটো কাষৰ চাইড বামত মাটি প্ৰয়োগ নকৰাৰ লগতে অতি নিম্নমানৰ সামগ্ৰী ব্যৱহাৰ কৰা অভিযোগকে স্থানীয় ৰাইজে৷

ঠিকাদাৰে পথটো নিৰ্মাণ কাৰ্য ব্যাপক দুৰ্নীতি আশ্ৰয় লোৱা বুলি ৰাইজে বিভাগীয় কৰ্তৃপক্ষক অভিযোগ দাখিল কৰে যদিও ৰাইজৰ অভিযোগ প্ৰতি সংশ্লিষ্ট বিভাগে কোনো গুৰুত্ব নিদিয়াত ৰাইজ ক্ষুব্ধ হৈ পৰে। ইয়াৰ পাছতে স্থানীয় ৰাইজে নিম্ন মানৰ কাম বন্ধ কৰি দিয়ে লগতে পুনৰ সঠিকৰূপত পথটো নিৰ্মাণ নকৰালৈকে বন্ধ কৰি ৰখা সিদ্ধান্ত গ্ৰহণ কৰে৷

ৰাইজে অভিযোগ কৰা মতে নাজিৰা গড়কাপ্তানী সংমণ্ডলৰ অধিনৰ অভিযন্তাৰ গৰাকীয়ে সৈতে মি ঠিকাদাৰে মিলি পথটো অতি নিম্নমানৰ কাম কৰি নিয়া বুলিও অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in