হাতত কাঁচি লৈ ধাননি পথাৰত ব্যস্ত বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ…

হাতত কাঁচি লৈ ধাননি পথাৰত ব্যস্ত বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ…

ডিজিটেল সংবাদ, চৰাইদউঃ আঘোণ মহীয়া ধাননি পথাৰখন এতিয়া চৌদিশে সোণোৱালী হৈ পৰিছে৷ চালে চকুৰোৱা এই পথাৰত এতিয়া ঠন ধৰি উঠিছে কৃষকৰ সপোনবোৰ৷ পুৱাই সূৰ্যোদয়ৰ লগে লগে এতিয়া কৃষিজীৱী জনতাই ধাননি পথাৰত ব্যস্ত হৈ পৰিছে আশাৰ সোণগুটি চপোৱাত ৷ ইয়াৰ ব্যতিক্ৰম নহয় চৰাইদেউ জিলাৰ সোনাৰি বিধানসভা সমষ্টিৰ ৰাইজ ৷ পুৱাই পৰা হাতত কাঁচি লৈ পথাৰত নামি এতিয়া ব্যস্ত হৈ পৰিছে সোণগুটি চপোৱাত ৷

তেনে সময়তে সোণাৰি বিধানসভা সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে বৃহস্পতিবাৰে সমষ্টিটোৰ অধীনৰ ভজো গাঁৱৰ কৃষক জাহিউদ্দিন আহমেদে ধাননি পথাৰত চৰাইদেউ জিলা কৃষি বিভাগে যোগান ধৰা উন্নত জাতৰ ধানৰ খেতি কৰি লাভাম্বিত হোৱা খেতিপথাৰত অনুষ্ঠিত কৰা এক অনুষ্ঠানত উপস্থিত থাকি খেতি পথাৰখন পৰিদৰ্শন কৰা লগতে ধান দোৱা পৰ্ব শুভৰাম্ভ কৰে ৷ উক্ত কাৰ্যসূচীত জিলা কৃষি বিভাগৰ বিষয়া-কৰ্মচাৰীসকলৰ লগতে আত্মাৰ সোণাৰি খণ্ডৰ বিষয়ববীয়া ও বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে ৷ উল্লেখ্য যে, ধাননি পথাৰত হাতত কাঁচিলৈ ধান কাটি কৃষক ৰাইজক উৎসাহিত কৰি আত্মসন্তুষ্ট লাভ কৰা বুলি বিধায়ক গৰাকীয়ে মন্তব্য কৰে ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in