নগালেণ্ডৰ ঘটনাকলৈ শোক প্ৰকাশঃ চৰাইদেউ চিংফাঙত আটাছুৰ বন্তি প্ৰজ্বলনেৰে শ্ৰদ্ধাঞ্জলি…

নগালেণ্ডৰ ঘটনাকলৈ শোক প্ৰকাশঃ চৰাইদেউ চিংফাঙত আটাছুৰ বন্তি প্ৰজ্বলনেৰে শ্ৰদ্ধাঞ্জলি…

ডিজিটেল সংবাদ, চৰাইদউঃ নগালেণ্ডত শেহতীয়াকৈ সংঘটিত হোৱা বৰ্বৰ ঘটনাক লৈ শোক প্ৰকাশ কৰি বৃহস্পতিবাৰে সন্ধিয়া অসম-নগালেণ্ড সীমান্তৱৰ্তী চৰাইদেউ জিলাৰ নিমনাগড় চিংফাঙত বন্তি প্ৰজ্বলনেৰে শ্ৰদ্ধা জ্ঞাপন কৰা হয়৷ এই উপলক্ষত বৃহস্পতিবাৰে সন্ধিয়া আটাছুৰ চুকাফা আঞ্চলিক সমিতি আৰু নিমনাগড়বাসীৰ উদ্যোগত সেনা বাহিনী নিৰ্বিচাৰ গুলীত নগালেণ্ডৰ ম'ন জিলাৰ আপাৰ টিৰুত ১৪ গৰাকীকৈ নিৰীহ যুৱকক হত্যা কৰা ঘটনাত গভীৰ শোকপ্ৰকাশ কৰা লগতে নিহত প্ৰতিগৰাকী যুৱকৰ বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰি বন্তি প্ৰজ্বলন কৰে৷

অৰ্ধশতাধিক আটাছুৰ কৰ্মীৰ লগতে স্থানীয় ৰাইজ উপস্থিত থাকি সন্ত্ৰাসবাদী দমনৰ নামত নিৰীহ লোকক নিৰ্বিচাৰে গুলিয়াই হত্যা কৰা ঘটনাক কঠোৰ ভাষাৰে গৰিহণা দি ঘটনাৰ সৈতে জড়িত বিষয়াক শাস্তি প্ৰদানৰ দাবী উত্থাপন কৰি উত্তৰ পূৰ্ৱাঞ্চলত সুদীৰ্ঘ বছৰ ধৰি বলৱৎ হৈ থকা সশস্ত্ৰ বাহিনীৰ বিশেষ ক্ষমতা আইন (আফস্পা) বাতিলৰ সহমত পোষণ কৰে৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in