গুৰুজনাৰ সংস্কৃতিৰ ৰক্ষাৰ বাবে চেঞ্চৰ বৰ্ডৰ প্ৰয়োজনঃ সত্ৰাধিকাৰ দেবানন্দ দেৱ গোস্বামী

গুৰুজনাৰ সংস্কৃতিৰ ৰক্ষাৰ বাবে চেঞ্চৰ বৰ্ডৰ প্ৰয়োজনঃ সত্ৰাধিকাৰ দেবানন্দ দেৱ গোস্বামী

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ অসমীয়া জাতিৰ প্ৰাণ প্ৰতিষ্ঠাতা মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ গুৰুজনাৰ আবিৰ্ভাৱ মহোৎসৱৰ প্ৰথম দিনটোত বিভিন্ন ধৰ্মীয় কাৰ্যসূচী সম্পন্ন হোৱাৰ পিছত ঐতিহাসিক আকাশীগংগাৰ তীৰত আৰম্ভ হৈছে সদৌ অসম ভিত্তিত বৰগীত আৰু দিহানাম প্ৰতিযোগিতা।

বৰগীত আৰু দিহানাম প্ৰতিযোগিতা উদ্বোধন কৰি শ্ৰীশ্ৰী বটদ্ৰৱা থান পৰিচালনা সমিতিৰ সভাপতি তথা শ্ৰীশ্ৰী নৰোৱা সত্ৰৰ সত্ৰাধিকাৰ দেৱানন্দ দেৱ গোস্বামীয়ে গুৰুজনাৰ অপূৰ্ব সৃষ্টি সম্ভাৰ সত্ৰীয়া সংস্কৃতিৰ ওপৰত তত্বগধুৰ বক্তব্য দাঙি ধৰি কয় যে বৰ্তমান গুৰুজনাৰ সংস্কৃতিৰ পৰিবেশনত যি ধৰণৰ অপধাৰাই সমাজত শিপাবলৈ ধৰিছে সেয়া অতি চিন্তনীয়৷ গুৰুজনাৰ সংস্কৃতি পৰিবেশন তথা প্ৰচাৰৰ ক্ষেত্ৰত বৰ্তমান চেঞ্চৰ বৰ্ডৰ প্ৰয়োজন হৈছে বুলিও তাৎপৰ্যপূৰ্ণ মন্তব্য আগবঢ়াই তেওঁলোকে৷

ইপিনে সন্ধিয়াৰ পৰা আকাশীগংগাৰ তীৰত অনুষ্ঠিত বৰগীত আৰু দিহানাম প্ৰতিযোগিতাত ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা অহা বহু কেইগৰাকী শিল্পী তথা নামতিৰ দলে অংশগ্ৰহণ কৰে৷ ভগৱন্তৰ গুণানুকীৰ্তন কৰি পৰিৱেশন কৰা বৰগীত আৰু দিহানামৰ অমিয়া সুৰে দ্বিতীয় বৈকুণ্ঠ আকাশ-বতাহ মুখৰিত কৰি ৰাখে৷ নিশা এপৰলৈকে চলিব সদৌ অসম ভিত্তিত আয়োজিত বৰগীত আৰু দিহানাম প্ৰতিযোগিতা৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in