জোনবাইলৈ নগ’ল! প্ৰক্ষেপনৰ ৫৬ মিনিট ২৪ চেকেণ্ডৰ আগত কিয় বাতিল কৰা চন্দ্ৰযান-২ৰ যাত্ৰা…

জোনবাইলৈ নগ’ল! প্ৰক্ষেপনৰ ৫৬ মিনিট ২৪ চেকেণ্ডৰ আগত কিয় বাতিল কৰা চন্দ্ৰযান-২ৰ যাত্ৰা…

ডিজিটেল ডেস্কঃ সকলো সাজু হৈ আছিল, সেই ইতিহাসৰ সাক্ষী হ'বলৈ। ১৫ জুলাইৰ মাজনিশা চন্দ্ৰলৈ উৰা মৰাৰ কথা আছিল চন্দ্ৰযান-২। কিন্তু শেষ মুৰ্হূতত সকলোৰে আশাত চেঁচাপানী পৰিল। বাতিল কৰা হ'ল চন্দ্ৰযান-২ৰ যাত্ৰা।

বহু অপেক্ষিত চন্দ্ৰযান সোমবাৰে পুৱতি নিশা ২ বাজি ৫১ মিনিটত শ্ৰীহৰিকোটাৰ পৰা উৰা মৰাৰ কথা আছিল। কিন্তু উৰা মৰাৰ প্ৰায় ১ ঘন্টাৰ পূৰ্বে যান্ত্ৰিক বিজুতিৰ বাবে বাতিল কৰা হ'ল এই যাত্ৰা। ইতিমধ্যে চন্দ্ৰযানৰ যাত্ৰা বাতিলৰ খবৰ আনুষ্ঠানিকভাৱে ঘোষণা কৰিছে ভাৰতীয় মহাকাশ অনুসন্ধান সংস্থাই।

ভাৰতীয় মহাকাশ অনুসন্ধান সংস্থাই জনোৱা অনুসৰি প্ৰক্ষেপনৰ ১ ঘণ্টাৰ পূৰ্বে চন্দ্ৰযানৰ হোই'কল চিষ্টেমত যান্ত্ৰিক বিজুতি ধৰা পৰে। যাৰ বাবে বাতিল কৰা হয় এই যাত্ৰা। অচিৰেই চন্দ্ৰযান-২ প্ৰক্ষেপনৰ তাৰিখ ঘোষণা কৰা হ'ব বুলিও তেওলোকে সংবাদমাধ্যমক জানিবলৈ দিয়ে।

উল্লেখ্য যে, দেওবাৰে পুৱা ৬বাজি ৫১ মিনিটৰ পৰা আৰম্ভ হৈছিল চন্দ্ৰযান-২ প্ৰক্ষেপনৰ প্ৰক্ৰিয়া। প্ৰক্ষেপনৰ ৫৬ মিনিট ২৪ চেকেণ্ডৰ আগত ইছৰোয়ে এই যান্ত্ৰিক বিজুতি ধৰা পেলায়।

প্ৰায় ১০০০ কোটি টকাৰ এই প্ৰকল্পটোত জি এছ এল ভি এম কে-৩ ৰকেট প্ৰক্ষেপন কৰাৰ কথা আছিল। চন্দ্ৰযান-২ ৰ সৈতে যাত্ৰা কৰিব ১৩ জন ভাৰতীয়। তেওলোকৰ সৈতে থাকিব নাছাৰ এজন প্ৰতিনিধি। এই চন্দ্ৰযানৰ মুঠ ওজন হ'ব প্ৰায় ৩.৮ টন।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in