চন্দ্ৰপৃষ্ঠৰ প্ৰথমখন জিলিকি থকা ফটো টুইট কৰিলে ইছৰ’ই…

চন্দ্ৰপৃষ্ঠৰ প্ৰথমখন জিলিকি থকা ফটো টুইট কৰিলে ইছৰ’ই…

ডিজিটেল ডেস্কঃ ভাৰতীয় মহাকাশ গৱেষণা সংস্থা অৰ্থাৎ ইছৰ'ই শ্বেয়াৰ কৰিছে প্রথমখন চন্দ্ৰপৃষ্ঠৰ জিলিকি থকা ফটো। আৰু এই ফটোখন তোলা হৈছে চন্দ্ৰযান-২ৰ ইমাৰ্জেন্সী ইনফ্ৰাৰেড স্পেকট্ৰমিটাৰ (আই আই আৰ এছ) পেল'ড দ্বাৰা। ইছৰ'ই ফটোখন শ্বেয়াৰ কৰি লিখিছে যে চন্দ্ৰপৃষ্ঠত স্পেকট্ৰ'স্ক'পিকৰ গৱেষণা আৰম্ভ কৰা হৈছে।

লগতে ইছৰ'ই টুইটাৰত লিখিছে- আই আই আৰ এছক স্পেকট্ৰল চেনেলতচন্দ্ৰপৃষ্ঠৰ পৰা প্ৰতিফলিত হোৱা সূৰ্যৰ ৰশ্মিক জুখিবৰ বাবে ডিজাইন কৰা হৈছে।পেল'ডৰ উদ্দেশ্য হ'ল চন্দ্ৰৰ সৃষ্টি আৰু সময়ৰ সৈতে ইয়াত কি কি পৰিৱৰ্তন হৈছে সেইবিষয়া গৱেষণা কৰা।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in