/asomiyapratidin/media/media_files/2026/01/29/63d98696-3e0e-40c9-b262-30bd02ab5821-2026-01-29-19-50-55.jpg)
ডিজিটেল ডেস্কঃ অতিপাত যান-যঁটৰ বাবে চানমাৰিত হাঁহাকাৰ লাগিছে। সকলো মনত প্ৰশ্ন হৈছে- হঠাতে কিয় বন্ধ কৰি দিয়া হ'ল চানমাৰি উৰণ সেতুঁৰ দুয়োটা অংশ। উল্লেখ কৰা প্ৰয়োজন যে, কিছুদিনৰ পূৰ্বে যান-বাহন আৰক্ষীৰ শীৰ্ষ বিষয়াই সম্বোধন কৰা এখন সংবাদমেলত জনাইছিল যে, নিৰ্মাণ কাৰ্যৰ খাতিৰত চানমাৰীৰ উৰণ সেতুৰ এটা অংশ ১৫দিনৰ মূৰে মূৰে বন্ধ থাকিব। কিন্তু বৃহস্পতিবাৰৰ বিয়লিভাগত হঠাতে বন্ধ কৰি দিয়া হল উৰণ সেতুখনৰ দুয়োটা অংশ।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/01/29/c15e5ae0-9945-4576-8425-6f9ec0646110-2026-01-29-19-48-31.jpg)
হঠাতে গ্ৰহণ কৰা এই সিদ্ধান্তৰ বাবে চানমাৰীৰ পৰা গুৱাহাটী ক্লাৱৰ লৈকে ব্যাপক যানঁযটৰ সৃষ্টি হৈছে। সংবাদ সংগ্ৰহ কৰিবলৈ যোৱা অসমীয়া প্ৰতিদিন ডিজিটেলক জনোৱা অনুসৰি মুখ্যমন্ত্ৰীৰ নিৰ্দেশত বন্ধ কৰি দিয়া হৈছে উৰণ সেতুখনৰ দুয়োটা ফাল।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/01/29/052724bb-9474-4e94-89d6-c1b48e44681a-2026-01-29-19-48-43.jpg)
যোৱা বুধবাৰে মুখ্যমন্ত্ৰীয়ে নুনমাটি-গুৱাহাটী ক্লাব সংযোগী উৰণসেতু খনৰ নিৰ্মাণ কাৰ্যৰ বুজ লৈছিল। সেই সময়তে নিৰ্মাণ কাৰ্য ক্ষিপ্ৰতৰ কৰিবলৈ চানমাৰীৰ পুৰণি উৰণ সেতুৰ দুয়োটা ভাগ বন্ধ কৰিবলৈ নিৰ্দেশ দিছিল মুখ্যমন্ত্ৰীয়ে।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/01/29/baa8e926-b603-4e28-bf5a-87ad2d24dacf-2026-01-29-19-48-53.jpg)
মুখ্যমন্ত্ৰীৰ সেই নিৰ্দেশৰ পাছতে চানমাৰি উৰণ সেতুখনৰ দুয়োটা ফাল হঠাতে বন্ধ কৰি এতিয়া যুদ্ধ গতিত চলিছে নিৰ্মাণ কাৰ্য। উল্লেখ্য যে, হঠাতে প্ৰশাসন তথা লোক নিৰ্মাণ বিভাগে গ্ৰহণ কৰা এই সিদ্ধান্তৰ বাবে অঞ্চলটোৰ উপ পথ সমূহতো তীব্ৰ যান যটৰ সৃষ্টি হৈছে। বিকল্প পথৰ ব্যৱস্থা কৰা হৈছে যদিও সন্ধিয়া ভাগত বৃদ্ধি পোৱা যান-বাহনৰ চলাচলৰ বাবে এতিয়া যমৰ যাঁতনা ভুগিছে জনতাই।
ইফালে কম সময়তে নিৰ্মাণ কাৰ্য সম্পূৰ্ণ কৰিবলৈ এনে খৰকতীয়া প্ৰদক্ষেপৰ বাবে কিছু আসোৱাঁহ ৰৈ যোৱাৰ সম্ভৱনাই দেখা দিছে। যিয়ে উৰণসেতুখনৰ ভৱিষ্যত বিপদাপন্ন কৰি তুলিব পাৰে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us