দলং নে মৰণফান্দ? কেতিয়া পকী হ’ব ৰাজ্যৰ কাঠৰ দলংবোৰ?

দলং নে মৰণফান্দ? কেতিয়া পকী হ’ব ৰাজ্যৰ কাঠৰ দলংবোৰ?

ডিজিটেল সংবাদ, চামগুৰিঃ ৰাজ্যৰ প্ৰতিখন দলং পকী হ'ব বুলি কংগ্ৰেছ চৰকাৰৰ দিনতেই ঘোষণা কৰিছিল। কিন্তু আজিও সেই ঘোষণা বাস্তৱত পৰিণত নহ'ল।

ৰাজ্যৰ বাট-পথৰ অৱস্থা এতিয়া তথৈবচ। তাৰ সমান্তৰালকৈ কিছু কিছু পথত থকা কাঠৰ দলংসমূহ এতিয়া মৰণফান্দ সদৃশ হৈ পৰিছে।

তেনে এখন দলং হ'ল নগাঁও জিলাৰ চামগুৰি সমষ্টিৰ অন্তর্গত উদমাৰী-বৰজুৰি-চিমনা-শালনা সংযোগী গড়কাপ্টানি পথত থকা কাঠৰ দলংখন। কাঠৰ দলঙখনে উদমাৰী গাঁও পঞ্চায়তবাসীৰ লগতে পথছোৱাইদি অহা-যোৱা কৰা পথচাৰীসকলক বাৰুকৈয় জ্বলা-কলা খুৱাইছে।

গড়কাপ্টানি পথটোৰ বৰজুৰিত থকা দলঙখনৰ শোচনীয় অৱস্থাৰ বাবে বিশেষকৈ বৰজুৰি হাইস্কুল, বৰজুৰি মজলীয়া বিদ্যালয়, গোহাঁইগাঁও প্ৰাথমিক বিদ্যালয়কে ধৰি কেইবাখনো বিদ্যালয়ৰ কণ কণ ছাত্ৰ-ছাত্ৰীসকলে মৰণক শৰণ দি বিদ্যালয়লৈ অহা যোৱা কৰিব লগা হয়।

উল্লেখ্যযোগ্য যে, জৰাজীৰ্ণ দলংখনৰ পচি যোৱা কাঠসমূহ তললৈ খহি পৰাত দলংখনৰ ওপৰেদি মটৰ চাইকেল, সৰু চাৰিচকীয়া গাড়ীৰে পাৰ হৈ যোৱাটো অসম্ভৱ হৈ পৰিছে। তেনেকৈয়ে একাংশই মৰসাহ কৰি  অহা-যোৱা কৰাত যিকোনো মুহূৰ্তত দূৰ্ঘটনা সংঘটিত হোৱাৰ আশংকাই দেখা দিছে।

সেয়েহে অঞ্চলটোৰ সচেতন ৰাইজে জনপ্ৰতিনিধি, বিভাগীয় কতৃপৰ্ক্ষক অতি শীঘ্ৰে দলংখন মেৰামতি কৰি যাতায়াতৰ উপযোগী কৰি তুলিবলৈ দাবী জনাইছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in