চামগুৰিত পথ দুৰ্ঘটনা, আহত উপ আৰক্ষী অধীক্ষক প্ৰীতম কুমাৰ দাস…

চামগুৰিত পথ দুৰ্ঘটনা, আহত উপ আৰক্ষী অধীক্ষক প্ৰীতম কুমাৰ দাস…

ডিজিটেল সংবাদ, চামগুৰি: নগাঁও জিলাৰ চামগুৰিৰ হাঁহচৰা-বৰালী গাঁৱত বুধবাৰে নিশা এক ভয়াবহ পথ দুৰ্ঘটনা সংঘটিত হয়। দুৰ্ঘটনা সংঘটিত হোৱা এলেকা ৰূপে পৰিচিত হাঁহচৰা-বৰালীগাৱঁত
গুৱাহাটীৰ পৰা যোৰহাট অভিমুখে গৈ থকা অৱস্থাত এখন বলেৰ' বাহনৰ নিয়ন্ত্ৰণ হেৰুৱাই ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথত বাগৰি পৰে ।

ব্ৰেক ফেইল হোৱাৰ ফলত বাহনখন বাগৰি পৰাত দুজনকৈ লোক গুৰুতৰভাবে আহত হয় ।উল্লেখ্য যে এএছ০৩-ভি-৬১৪১ নম্বৰৰ বলেৰ' বাহনখন যোৰহাটৰ উপ-আৰক্ষী অধীক্ষক প্ৰীতম কুমাৰ দাসৰ বুলি জানিব পৰা গৈছে ।

দুৰ্ঘটনাটোত উপ-আৰক্ষী অধীক্ষক প্ৰীতম কুমাৰ দাসো আহত হয় ।আনহাতে, ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ দুৰাবস্থাৰ বাবেই চামগুৰিৰ হাঁহচৰা-বৰালীগাৱঁত সঘনাই পথ দুৰ্ঘটনা সংঘটিত হোৱাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in