চামতাত “ৰ’দৰ আখৰ” কাব্য গ্ৰন্থ উন্মোচন…

চামতাত “ৰ’দৰ আখৰ” কাব্য গ্ৰন্থ উন্মোচন…

ডিজিটেল সংবাদ, বৰনৰ্দ্দীঃ পশ্চিম নলবাৰী অঞ্চলৰ চামতাৰ বিশিষ্ট কবি, সমালোচক ৰাজীৱ দত্তৰ সম্পাদিত কাব্যগ্ৰন্থ "ৰ'দৰ আখৰা" সোমবাৰে উন্মোচন কৰা হয়৷ এক ব্যতিক্ৰম অনুষ্ঠানৰ মাজেৰে কবি গৰাকীৰ কনিষ্ঠ ভাতৃ সীমান্ত দত্তৰ বিবাহ উপলক্ষে চামতাস্থ বাসভৱনত কামৰূপ মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ ড° প্ৰমোদ হালৈৰ সভাপতিত্বত অনুষ্ঠিত উন্মোচনী সভাত উন্মোচক হিচাপে উপস্থিত থাকে মধ্য কামৰূপ কলেজ ,চেঙাৰ প্ৰাক্তন ভাৰপ্ৰাপ্ত অধ্যক্ষ ড° ফণীধৰ অধিকাৰী আৰু কবিৰ মাতৃ হিৰণ্ময়ী দত্ত ৷

বিশিষ্ট অতিথিদ্বয় অৱসৰ প্ৰাপ্ত উপাধ্যক্ষ ৰাজেন বৰুৱা আৰু বিশিষ্ট ভাষাতত্ত্ববিদ ড° ফণীন্দ্ৰ দত্ত বৰুৱা৷ গ্ৰন্থ উন্মোচনৰ সৈতে সংগতি ৰাখি কবি তথা ভাস্কৰ্য শিল্পী চম্পক শৰ্মাৰ সঞ্চালনাত অনুষ্ঠিত হোৱা কবি সন্মিলনত প্ৰতুল কুমাৰ শৰ্মা কৃষ্টি কানন দত্ত, ফণীধৰ অধিকাৰী, চম্পক শৰ্মা প্ৰমুখ্যে কেবাগৰাকীও কবিয়ে কবিতা পাঠ কৰে ৷গীত পৰিবেশন কৰে কনকলতা দত্তই ৷বাঁহী বাদন কৰে নিপেন বৰ্মনে৷ অধ্যাপক জয়ন্ত শৰ্মাৰ মঙ্গলাচৰনেৰে অনুষ্ঠান আৰম্ভ হয়।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in