ছয়গাঁৱৰ জোৰশিমলুত জব্দ বৃহৎ পৰিমানৰ ড্যাগছ, আটক এজনক…

ছয়গাঁৱৰ জোৰশিমলুত জব্দ বৃহৎ পৰিমানৰ ড্যাগছ, আটক এজনক…

ডিজিটেল সংবাদ, ছমৰীয়াঃ দক্ষিণ কামৰূপৰ জোৰশিমুলীত ছয়গাঁও আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান। বৃহস্পতিবাৰে আবেলি ছয়গাঁও আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া কপিল পাঠকৰ নেতৃত্বত জোৰশিমুলীৰ চৌধুৰীপামত চলা এক অভিযানত কুখ্যাত ড্ৰাগছ ব্যৱসায়ী ছাইদুৰ ৰহমানক আটক কৰিবলৈ সক্ষম হৈছে। জানিব পৰা মতে, আৰক্ষীয়ে এই অভিযানত ধৃত ছাইদুৰ ৰহমানৰ পৰা ৩৩টাকৈ ড্ৰাগছ ভৰ্তি কন্টেইনাৰ জব্দ কৰিবলৈ সক্ষম হৈছে।

উল্লেখ্য যে, ড্ৰাগছ ব্যৱসায়ী ছাইদুৰ ৰহমানে দীৰ্ঘদিনৰে পৰা জোৰশিমুলী অঞ্চলত ড্ৰাগছ সৰবৰাহ কৰি আহিছিল। বহুদিন ধৰি আৰক্ষীৰ চকুত ধূলি দি ব্যৱসায় অব্যাহত ৰাখিছিল যদিও বৃহস্পতিবাৰে ছয়গাঁও আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হ'ল ড্ৰাগছ ব্যৱসায়ী ছাইদুৰ ৰহমানক। ইতিমধ্যে আটকাধীন ড্ৰাগছ ব্যৱসায়ী ছাইদুৰ ৰহমানক ছয়গাওঁ আৰক্ষীয়ে ছয়গাওঁ আৰক্ষী থানাতে ৰাখি জেৰা অব্যাহত ৰাখিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in