কাৰ্বি আংলংৰ ৪ বিদ্ৰোহী সংগঠনৰ সৈতে শনিবাৰে বহু প্ৰত্যাশিত শান্তি চুক্তি…

কাৰ্বি আংলংৰ ৪ বিদ্ৰোহী সংগঠনৰ সৈতে শনিবাৰে বহু প্ৰত্যাশিত শান্তি চুক্তি…

ডিজিটেল ডেস্কঃ বহু প্ৰত্যাশিত কাৰ্বি আংলংৰ ৪ টা বিদ্ৰোহী সংগঠনৰ সৈতে শনিবাৰে বিয়লি ৪ বজাত নৰ্থ ব্লকত সম্পাদিত হ'ব শান্তি চুক্তি। কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহ, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু বিদ্ৰোহী সংগঠন কেইটাৰ মাজত স্বাক্ষৰিত হ'ব এই ত্ৰিপাক্ষিক শান্তি চুক্তি।সুদীৰ্ঘ দিন ধৰি পাৰ্বত্যজিলাখনৰ বিদ্ৰোহী সংগঠন কেইটাৰ সৈতে শান্তি আলোচনা চলাই থকাৰ পাছত শনিবাৰে বিয়লি সম্পাদিত হ'বলগীয়া এই চুক্তিয়ে পাৰ্বত্য জিলাখনলৈ স্থায়ী শান্তি ঘূৰাই আনিব বুলি আশা প্ৰকাশ কৰা হৈছে।

কাৰ্বি আংলংৰ ৪ টা বিদ্ৰোহী সংগঠন কে এল এন এল এফ, পি ডি চি কে, ইউ পি এল এ আৰু কে পি এল টিৰ তিনিটা গোটৰ মাজত বিয়লি সম্পাদিত হ'বলগীয়া এই চুক্তিৰ বাবে ইতিধ্যে দিল্লীত গহৈ বাহৰ পাতিছে বিদ্ৰোহী সংগঠন কেইটাৰ প্ৰায় ডেৰ শতাধিক বিদ্ৰোহীয়ে। এই শান্তি চুক্তিৰ জৰিয়তে পাৰ্বত্য জিলাখনৰ এক দীঘলীয়া ৰক্তক্ষয়ী সংঘৰ্ষৰ অৱসান ঘটিব বুলি আশা কৰা হৈছে।

জানিব পৰা মতে এই চুক্তিৰ দ্বাৰা পাৰ্বত্য জিলা খনলৈ ৫ বছৰত উন্নয়নৰ বাবে ১৫০০ কোটি টকাৰ আৰ্থিক পেকেজ প্ৰদান কৰিব। এই ১৫০০ কোটিৰ ভিতৰত ৭৫০ কোটি কেন্দ্ৰীয় চৰকাৰে আৰু বাকী ৭৫০ কোটি ৰাজ্য চৰকাৰৰ ফালৰ পৰা প্ৰদান কৰা হ'ব।

বিগত ২৫ ফেব্ৰুৱাৰীত অসম চৰকাৰৰ সন্মুখত আত্মসমৰ্পণ কৰিছিল বিদ্ৰোহী গোট কেইটাৰ মুঠ ১,০৪০ জন নেতা, সদস্যই। ইয়াৰ পাছৰে পৰা সুদীৰ্ঘ সময় গোট কেইটাৰ লগত শান্তি প্ৰক্ৰিয়া চলি আছিল যদিও স্থায়ী সমাধানৰ বাবে বহু আশাৰে বাট চাইছিল পাৰ্বত্য জিলাখনৰ লগতে অসমৰ সচেতন মহলে।

এই চুক্তিৰ জৰিয়তে কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদলৈ ২৮০ নং অনুচ্ছেদৰ জৰিয়তে অধিক প্ৰশাসনি আৰু বিত্তীয় ক্ষমতা হস্তান্তৰ কৰাৰ সম্ভাৱনা আছে। চুক্তিৰ জৰিয়তে স্বায়ত্ব শাসিত পৰিষদখনলৈ অধিক কাৰ্যকৰী ক্ষমতা হস্তান্তৰ কৰিব।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in