ডিমাপুৰৰ কেম্প হেব্ৰনত থুইংগালেং মুইভাৰ সৈতে কেন্দ্ৰৰ মধ্যস্ততাকাৰী এ কে মিশ্ৰ গুৰুত্বপূৰ্ণ বৈঠক…

ডিমাপুৰৰ কেম্প হেব্ৰনত থুইংগালেং মুইভাৰ সৈতে  কেন্দ্ৰৰ মধ্যস্ততাকাৰী এ কে মিশ্ৰ  গুৰুত্বপূৰ্ণ বৈঠক…

ডিজিটেল সংবাদ, ৱাখাঃ চুক্তিৰ অন্তিম পৰ্যায়ত উপনিত হৈও নাগালিমৰ বাবে কেৱল সুকীয়া পতাকা আৰু সংবিধানৰ বাবে ২০১৯ চনৰ ৩১ অক্টোবৰত স্থবিৰ হৈ পৰা ভাৰত চৰকাৰ আৰু নগা বিদ্ৰোহী সংগঠন এন এছ চি এন মুইভাৰ গোটৰ মাজতৰ নগা শান্তি আলোচনাৰ পুনৰ গতি দিয়াৰ উদ্দেশ্য সপ্তাহজোৰা নাগালেণ্ড ভ্ৰমণলৈ অহা কেন্দ্ৰীয় চৰকাৰৰ নতুন মধ্যস্ততাকাৰী তথা চোৰাংচোৱা বিভাগৰ প্ৰাক্তন সঞ্চালক অক্ষয় কুমাৰ মিশ্ৰিই মংগলবাৰে এন এছ চি এন (আই এম) বিদ্ৰোহী সংগঠনটোৰ ডিমাপুৰস্থিত মুখ্য কাৰ্যালয় কেম্প হেব্ৰনৰ উপস্থিত হয় ।

দুপৰীয়া এ কে মিশ্ৰই কেম্প হেব্ৰনৰ উপস্থিত হোৱাৰ লগে লগে এন এছ চি এনৰ কেডাৰসকলে তেওঁক গাৰ্ড অৱ অনাৰ প্ৰদৰ্শন কৰি উষ্ণ আদৰণি জনায় । ইয়াৰ পাছতে কেম্প হেব্ৰনত মিশ্ৰই এন এছ চি এনৰ মুৰব্বী তথা সংগঠনটোৰ বয়সীয়ান নেতা থুইংগালেং মুইভা আৰু সামূহিক নেতৃত্বতৰ উপসভাপতি থঙমেথ ৱাঙনাও কন্যাক , সভাপতি কিউ টুচ্ছু , কে কে আংগামী পুনি মাও , কিমঙ লংৱাঙ , এপি ভেনুহ , কে হোৰে , এন্থনি ছিমৰে আৰু এইছ আৰ ৰাইজিঙেএক ৰুদ্ধদাৰ বৈঠকত মিলিত ।

এন এছ চি এনৰ এক শীৰ্ষনেতাই এই প্ৰতিবেদকক জানিবলৈ দিয়ামতে থুইংগালেং মুইভা দীৰ্ঘদিন ধৰি অসুস্থ হৈ থকাৰ এইবাৰ এনেদৰে আলোচনা এন এছ চি এনৰ মুখ্য কাৰ্যালয়ৰ কেম্প হেব্ৰনৰ অনুষ্ঠিত হয় । দুয়ো পক্ষৰ মাজৰ আলোচনা বন্ধুত্ব আৰু সৌহাদ্যপূৰ্ণ আছিল । ভৱিষ্যতৰ আলোচনাৰ এয়া এক ৱাম আপ আলোচনা আছিল । তদুপৰি আলোচনাত দুয়োপক্ষই স্থবিৰ হৈ পৰা শান্তি আলোচনাপুনৰ অব্যাহত ৰখা তথা নিস্পত্তি নোহোৱা বিষয়বোৰৰ মতপাৰ্থক্য দূৰ কৰি চূড়ান্ত চুক্তিৰ দৰে কতবোৰ গুৰুত্বপূৰ্ণ বিষয়ে ঠাই পাই ।

এন এছ চি এন নেতা গৰাকীয়ে কয় যে নগা সমস্যাৰ সমাধানৰ সন্দৰ্ভত এন এছ চি এনৰ মুখ্য কাৰ্যালয় কেম্প হেব্ৰনত প্ৰথমবাৰৰ বাবে আলোচনা অনুষ্ঠিত হৈছে । আৰু এ কে মিশ্ৰ হৈছে কেম্প হেব্ৰনলৈ ভাৰত চৰকাৰৰ প্ৰথম গৰাকী মধ্যস্ততাকাৰী । জানিব পৰামতে এন এছ চি এনৰ মুৰব্বী থুইংগালেং মুইভাৰ কিছু মাহৰ পূৰ্বে অস্ত্ৰোপচাৰ কৰাৰ পাছত তেওঁ এতিয়াও সম্পূৰ্ণ আৰোগ্য লাভ কৰা । সেয়ে তেওঁৰ স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি এনেদৰে কেম্প হেব্ৰনে আলোচনা স্থান ঠিক কৰা হয় ।

উল্লেখযোগ্য যে অলপতে নগা শান্তি আলোচনাৰ ৰাজ্যিক কৰ কমিটিৰ নাগালেণ্ডৰ মুখ্যমন্ত্ৰী নেইফিউ ৰিঅ , উপমুখ্যমন্ত্ৰী ৱাই পেট্টন  , প্ৰাক্তন মুখ্যমন্ত্ৰী টি আৰ জেলিয়াঙ আৰু ৰাজ্যসভাৰ সাংসদ এছ ফাংনান কন্যাকে নতুন দিল্লীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ,গৃহমন্ত্ৰী অমিত শ্বাহক সাক্ষাৎ কৰি  ২০২৩ চনৰ নাগালেণ্ড বিধানসভা নিৰ্বাচনৰ পূৰ্বে বৰ্তমান স্থবিৰ হৈ থকা নগা শান্তি আলোচনা পুনৰ আৰম্ভ কৰি নগা ৰাজনৈতিক সমস্যাৰ সমাধান কৰিবলৈ পদক্ষেপ গ্ৰহণ কৰিব বাবে আহবান জনোৱাৰ পাছতে নাগালেণ্ড বিধানসভা নিৰ্বাচনৰ পূৰ্বে সাতদশকজোৰা নগা ৰাজনৈতিক সমস্যা সমাধান বাবে চূড়ান্ত চুক্তি স্বাক্ষৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নিৰ্দেশত এনেদৰে সপ্তাহজোৰা ভ্ৰমণৰ উদ্দেশ্য ডিমাপুৰত উপস্থিত হৈছে অক্ষয় কুমাৰ মিশ্ৰ ।

মুইভা গোটৰ ওপৰিও নগা শান্তি আলোচনাৰ মধ্যস্ততাকাৰী এ কে মিশ্ৰই অন্য আঠটা বিদ্ৰোহী গোটৰ সমূহ নগা নেচনেল পলিটিকেল গ্ৰুপ অৰ্থাৎ এন এন জি পিৰ আৰু ৰাজ্য চৰকাৰৰ ক'ৰ কমিটি মুখ্যমন্ত্ৰী নেইফিউ ৰিঅ আৰু প্ৰাক্তন মুখ্যমন্ত্ৰী টি আৰ জেলিয়াঙৰ সৈতেও ডিমাপুৰৰ ছুমুকেডিমাৰ আৰক্ষী কমপ্লেক্সতপৃথকে পৃথকে আলোচনাত মিলিত ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in