৬ জনগোষ্ঠীক জনজাতিকৰণৰ বাতিলৰ দাবীত কোকৰাঝাৰ চিচিটিঅএৰ জোঁৰ সমদল

৬ জনগোষ্ঠীক জনজাতিকৰণৰ বাতিলৰ দাবীত কোকৰাঝাৰ চিচিটিঅএৰ জোঁৰ সমদল

ডিজিটেল সংবাদ, কোকৰাঝাৰঃ অসমৰ ছয় জনগোষ্ঠীক জনজাতিকৰণৰ প্ৰক্ৰিয়াক তীব্ৰ বিৰোধিতা কৰি শুকুৰবাৰে বিটিচি সদৰ কোকৰাঝাৰত পুনৰ উত্তাল কৰি তোলে ট্ৰাইবেল সমন্বয়ৰক্ষী সমিতি চমুকৈ চি চি টি অ' এয়ে ৷ উল্লেখ্য যে, কোকৰাঝাৰ চহৰৰ বডোফা শিশু উদ্যানৰ পৰা চি চি টি অ' এৰ উদ্যোগত কোচ ৰাজবংশীকে ধৰি অসমৰ ছয় জনগোষ্ঠীক প্ৰস্তাৱিত জনজাতিকৰণৰ মৰ্যাদা বাতিলৰ দাবীত শুকুৰবাৰে সন্ধিয়া জোঁৰ সমদল উলিয়ায় ৷

সমদলকাৰী সকলে হাতে হাতে জোঁৰ লৈ অসম চৰকাৰ হায় হায়, বিজেপি চৰকাৰ হুছিয়াৰ, ছয় জনগোষ্ঠীৰ জনজাতিকৰণ বাতিল কৰক, জনজাতিক নিঃশেষ কৰা ষড়যন্ত্ৰ বন্ধ কৰক ইত্যাদি শ্লোগান দি জেডি ৰোড হৈ প্ৰগতি ভৱনত সমাপ্ত কৰে ৷ আজিৰ জোঁৰ সমদলত চি চি টি অ' এৰ হৈ নেতৃত্ব দিয়ে এবছুৰ কেন্দ্ৰীয় সহকাৰী সাধাৰণ সম্পাদক খৌৰমদাউ ওৱাৰীয়ে ৷

সাংবাদিকৰ আগত খৌৰমদাউ ওৱাৰীয়ে কয় যে- অসমৰ কোচৰাজবংশীকে ধৰি ছয়টা জনগোষ্ঠী সামগ্ৰীক দিশত বহুত উন্নত জনগোষ্ঠী৷ তেনেক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰে ছয়টা জনগোষ্ঠীক ছলে-বলে-কৌশলৰে জনজাতিকৰণৰ মৰ্যদা দিলে অসমৰ চৈধ্যটাকৈ খিলঞ্জীয়া জনজাতি বিভিন্ন ক্ষেত্ৰত বঞ্চিত হ'ব৷ গতিকে কেন্দ্ৰীয় চৰকাৰে শীঘ্ৰে ৰাজ্যসভাত উত্থাপন কৰা প্ৰস্তাৱিত জনজাতি বিধেয়কখন বাতিল কৰাৰ দাবী তোলে ৷

এই দাবী নামানি এবছু আৰু সহযোগী জনজাতি সকলে হাত সাৱটি বহি নাথাকে আৰু বিধেয়কখন কোনোপধ্যেই মানি লোৱা নহ'ব বুলি বিজেপি চৰকাৰক সকিয়াই দিয়ে খৌৰমদাউ ওৱাৰীয়ে ৷ শুুকুৰবাৰৰ এই জোৰ সমদলত ট্ৰাইবেল সংঘ, বড়োলেণ্ড জনজাতি সুৰক্ষা মঞ্চ আৰু পিজেএচিবিএমৰ নেতা সকলে অংশগ্ৰহণ কৰে ৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in