মুকাভিনয় শিল্পী জ্ঞানশিখালৈ চি চি আৰ টি স্কলাৰশ্বিপ

মুকাভিনয় শিল্পী জ্ঞানশিখালৈ চি চি আৰ টি স্কলাৰশ্বিপ

ডিজিটেল ডেস্কঃ নিজৰ সুপ্ত শিল্পী প্ৰতিভাৰ নিদৰ্শণ ডাঙি ধৰি সুন্দৰ সাৱলীল মুকাভিনয়েৰে খুব কম সময়ৰ ভিতৰতে সংস্কৃতিৰ বৰপথাৰত ইতিমধ্যেই জিলিকি উঠা জ্ঞানশিখা হাজৰিকাই কেন্দ্ৰীয় চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰালয়ৰ অধীনস্থ চেন্টাৰ ফৰ কালচাৰেল ৰিচাৰ্চ এণ্ড ট্ৰেইনিং (চি চি আৰ টি)ৰ সন্মানীয় স্কলাৰশ্বিপ লাভ কৰিবলৈ সক্ষম হৈছে৷ ভাৰতবৰ্ষৰ বিভিন্ন ক্ষেত্ৰৰ লোকক নিজৰ প্ৰতিভাৰ বিকাশৰ বাবে সাংস্কৃতিক মন্ত্ৰালয়ে প্ৰতিবছৰে এই স্কলাৰশ্বিপ প্ৰদান কৰি আহিছে৷

গুৱাহাটী বৰসজাইস্থিত মহৰ্ষি বিদ্যা মন্দিৰৰ নৱম শ্ৰেণীৰ ছাত্ৰী জ্ঞানশিখাই মুকাভিনয় শিতানত চি চি আৰ টিৰ এই বিশেষ স্কলাৰশ্বিপ লাভ কৰা বুলি জানিব পৰা গৈছে৷ ছাত্ৰীগৰাকীয়ে সংগীত নাটক একাডেমী বঁটা বিজয়ী বিশিষ্ট শিল্পী, মুকাভিনেতা মইনুল হকৰ অধীনত মুকাভিনয়ৰ প্ৰশিক্ষণ গ্ৰহণ কৰি আছে৷ কিশোৰী জ্ঞানশিখা গুৱাহাটী নিবাসী জানমণি হাজৰিকা আৰু পূৱালী হাজৰিকাৰ একমাত্ৰ জীয়াৰী৷ মেধাৱী ছাত্ৰীগৰাকীৰ এই সাফল্যই মুকাভিনয় জগতখনলৈ গৌৰৱ কঢ়িয়াই আনিছে৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in