উত্তৰ পূৱ ৰেলত হাহাকাৰ,৫ ৰাজ্যত অভিযান,৩ শীৰ্ষ অভিযন্তা গ্ৰেপ্তাৰ, FIRত গুৱাহাটী নিৰ্মান প্ৰতিষ্ঠানৰ নাম…

উত্তৰ পূৱ ৰেলত হাহাকাৰ,৫ ৰাজ্যত অভিযান,৩ শীৰ্ষ অভিযন্তা গ্ৰেপ্তাৰ, FIRত গুৱাহাটী নিৰ্মান প্ৰতিষ্ঠানৰ নাম…

ডিজিটেল ডেস্ক : দীঘলীয়া অনুসন্ধানৰ অন্তত চিবিআইৰ দিল্লী,গুৱাহাটী,কলিকতা কাৰ্যালয়ৰ দুৰ্নীতি নিবাৰক শাখাই দেশৰ পাচখন ৰাজ্যত প্ৰায় একে সময়তে উত্তৰ পূৱ ৰেলৰ বিভিন্ন কাৰ্যালয়ত অতৰ্কিতে অভিযান চলাই বিভাগটোৰ নিৰ্মান শাখাৰ তিনি জন শিৰ্ষ পদাধিকাৰীক গ্ৰেপ্তাৰ কৰা লগতে নিৰ্মানৰ সৈতে জড়িত এটা প্ৰতিষ্ঠানৰ পৰা উৎকোচ হিচাপে আদায় লোৱা ১ কোটিৰো অধিক নগদ ধন জব্দ কৰিবলৈ সক্ষম হয় ।

যোৱা কিছু দিন ধৰি ৰেল বিভাগত সংঘটিত দুৰ্নীতিৰ বিৰুদ্ধে চিবিআইয়ে ধাৰাবাহিক অভিযান চলাই আহিছিল । এই অনুসন্ধান কালতে ৰেলৰ মালিগাওঁ সদৰ কাৰ্যালয় নিৰ্মান শাখাৰ মুৰব্বী মহেন্দ্ৰ সিং চৌহানক মালিগাওঁত গ্ৰেপ্তাৰ কৰাৰ বিপৰীতে নিৰ্মান শাখাৰ আগৰতলা কাৰ্যালয়ৰ পৰা উপ মুখ্য অভিযন্তা গুৱাহাটী জুৰোড নিবাসী হেমচন্দ্ৰ বৰা আৰু পশ্চিম চিকিম নিবাসী তথা আগৰতলাৰ বাধাৰঘাট কাৰ্যালয়ত কৰ্মৰত অতিৰিক্ত কাৰ্যবাহী অভিযন্তা লক্ষ্মীকান্ত বাৰ্মাক চিবিআইৰ তদন্তকাৰী দলে আকস্মিক ভাবে হাতে লোটে ধৰি গ্ৰেপ্তাৰ কৰে ।

চিবিআইৰ এই বৃহৎ অভিযানটো ভালে কেইগৰাকী শীৰ্ষ বিষয়াৰ নেতৃত্বত একে সময়তে দিল্লী,উত্তৰাখণ্ড,পশ্চিমবংগ আৰু ত্ৰিপুৰাৰ অন্তৰ্গত ২১ টা স্থানত চলোৱা হৈছিল । ইফালে অভিযান কাৰী দলটোৱে লগতে এওলোকক গ্ৰেপ্তাৰ কৰাৰ লগতে নিৰ্মান সংস্থা এটাই তেওঁলোকক আদাই দিয়া ১ কোটিৰো অধিক নগদ ধন বিভিন্ন স্থানত জব্দ কৰিবলৈ সক্ষম হয় ।

এই সন্দৰ্ভত চিবিআইয়ে দিল্লী কাৰ্যায়লৰ দুৰ্নীতি নিবাৰক শাখাত দেওবাৰে RC AC1 2021 A001 নম্বৰৰ এক গোচৰ সন্দৰ্ভত প্ৰথমিক অনুসন্ধান প্ৰতিবেদনো দাখিল কৰে । গ্ৰেপ্তাৰ হোৱা তিনিয়ো জনৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ ১২০ বি আৰু দুৰ্নীতি প্ৰতিৰোধ আইন ২০১৮ ( সংশোধিত )ৰ ৭,৮,৯ আৰু ১০ ধাৰৰ অধীনত এই গোচৰ ৰুজু কৰা হৈছে ।

প্ৰাথমিক তদন্তৰ প্ৰতিবেদনতে এই গোচৰ সন্দৰ্ভত দেওবাৰে গ্ৰেপ্তাৰ হোৱা তিনি শীৰ্ষ ৰেল বিষয়াৰ লগতে ৰেলৰ নিৰ্মান কাৰ্যৰে জড়িত মেচাৰ্চ এবিচিআই ইফাট্ৰাকচাৰ প্ৰাইভেট লিমিটেড নামৰ গুৱাহাটীৰ প্ৰতিষ্ঠানটোৰ সঞ্চালক তথা ভঙাঘৰৰ ডনাল্ড টাৱাৰৰ প্ৰথম মহলাৰ নিবাসী পৱন বৈদ, দিল্লীৰ দক্ষিন পুৰী নিবাসী ভূপেন্দ্ৰ ৰাৱাট, উত্তৰাখণ্ডৰ ডেৰাডুনৰ ইন্দ্ৰ সিং আৰু এবিচিআই ইফাট্ৰাকচাৰ প্ৰতিষ্ঠানটোৰ দিল্লী কাৰ্যালয়ৰ লগতে আন একাংশ ব্যক্তিগত লোক ৰেল বিভাগৰ বিষয়া কৰ্মচাৰী আৰু কোম্পানী কৰ্মককৰ্তা জড়িত বুলিও উল্লেখ কৰা হৈছে ।

দেওবাৰে সন্ধিয়ালৈকে চলা এই অভিযানৰ পিছত গ্ৰেপ্তাৰ হোৱা তিনি জনক জেৰা কৰাৰ লগতে তাৰ আধাৰত বাকী অভিযুক্ত সকলৰ বিৰুদ্ধে বৰ্তমানেও অভিযান ৰখা হৈছে । ইফালে চিবিআইৰ আকস্মিক এই অভিযানকলৈ ৰেল বিভাগত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in