কোৰোণাৰ চিকিৎসাত প্লাজমা থেৰাপী আৰু Remdesivir ব্যৱহাৰত সতৰ্কতাঃ স্বাস্থ্য মন্ত্ৰালয়…

কোৰোণাৰ চিকিৎসাত প্লাজমা থেৰাপী আৰু Remdesivir ব্যৱহাৰত সতৰ্কতাঃ স্বাস্থ্য মন্ত্ৰালয়…

ডিজিটেল ডেস্কঃ কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী ডঃ হৰ্ষবৰ্ধনে দেওবাৰে কোৰোণা ভাইৰাছৰ চিকিৎসাৰ বাবে প্লাজমা থেৰাপী আৰু Remdesivir দৈনিক ব্যৱহাৰৰ ক্ষেত্ৰত সতৰ্ক কৰিছে। তেওঁ কয় যে, এইটো নিৰিক্ষণভিত্তিক থেৰাপী আৰু ইয়াৰ ব্যৱহাৰ যুক্তিসংগত ভাৱে কৰা উচিত।

উল্লেখযোগ্য যে,ড্ৰাগ Remdesivir আৰু প্লাজমা থেৰাপীৰ ব্যৱহাৰ সংকটজনক কোৰোণা ৰোগীৰ চিকিৎসাত ব্যৱহৃত হৈছে।বিশেষকৈ ইয়াৰ অধিক প্ৰয়োগ হৈছে কোৰোণাই ভয়াৱহৰূপ ধাৰণ কৰা দিল্লী, মুম্বাই আদিৰ দৰে চহৰত । দিল্লী চৰকাৰৰ দুজন মন্ত্ৰীৰ কোৰোণা চিকিৎসাত প্লাজমা থেৰাপীৰ ব্যৱহাৰ হৈছিল আৰু ইয়াৰ ফলাফল আছিল সন্তোষজনক। তেতিয়াৰ পৰাই এই থেৰাপীৰ ব্যৱহাৰ দেশত খৰতকীয়া হৈছে।

দেওবাৰে কেন্দ্ৰীয় মন্ত্ৰালয়ৰ এক বিজ্ঞপ্তিত কোৱা হৈছে যে,কোৰোণা ভাইৰাছৰ চিকিৎসাত Remdesivir আৰু প্লাজমা থেৰাপী বহুলভাৱে ব্যৱহৃত হৈছে। এই ক্ষেত্ৰত স্বাস্থ্য মন্ত্ৰালয়ে কয় যে কেন্দ্ৰ চৰকাৰে ইয়াৰ যুক্তিসংগত পদ্ধতিৰে ব্যৱহাৰৰ উপদেশ দিছে। ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত প্ৰদেশত বাবে ৱেবনাৰ আৰু নতুন দিল্লীস্থিত এইমচৰ টেলিকনশ্বলেশ্যল ষ্টেচনৰ জৰিয়তে সচেতনতা অব্যাহত ৰখা হৈছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in