গোৱালপাৰাৰ ৰাজপথত দাউদাউকৈ জ্বলি উঠিল বিলাসী বাহন, কথমপি ৰক্ষা কেইবাজনো যাত্ৰীৰ

গোৱালপাৰাৰ ৰাজপথত দাউদাউকৈ জ্বলি উঠিল বিলাসী বাহন, কথমপি ৰক্ষা কেইবাজনো যাত্ৰীৰ

ডিজিটেল সংবাদ, গোৱালপাৰাঃ কিনকিনিয়া বৰষুণৰ মাজতে মঙলবাৰে দুপৰীয়া গোৱালপাৰা চহৰৰ ৰাজপথত চলন্ত অৱস্থাতে দাউদাউকৈ জ্বলি উঠিল এখন বিলাসী বাহন। প্ৰত্যক্ষদৰ্শীৰ বিৱৰণী মতে, দুপৰীয়া ১.৩৫ বজাত শ'লমাৰীৰ পৰা গোৱালপাৰা চহৰত প্ৰৱেশ কৰা ৰাজ্যিক ঘাইপথৰ নিচেই সমীপত থকা গোৱালপাৰা ন্যায়িক আদালত ভৱনৰ সন্মুখত এএছ-০২ এইচ-৯০৭৮ নম্বৰৰ টাটা ইণ্ডিগ' (চিএছ) ব্যক্তিগত বাহনখন চলি থকা অৱস্থাতে হঠাতে বিজুতি ঘটি দপদপাই জ্বলি উঠে।

বাহনখনৰ ভিতৰত থকা যাত্ৰীকেইজনৰ কথমপি প্ৰাণ ৰক্ষা পৰে। বাহনখন জ্বলি উঠাৰ পিছতে ৪০০ মিটাৰ সমীপত থকা গোৱালপাৰা অগ্নি নিৰ্বাপক বাহিনীক খবৰ কৰে পথচাৰীয়ে। বাহিনীটোৰ ফায়াৰ স্কট কমাণ্ডাৰ মৃগাংক দাসে ততালিকে ঘটনাস্থলীত কৰ্তৱ্যত থকা জৰুকালীন বাহিনীৰ সৈতে উপস্থিত হৈ জুই নুমুওৱাবলৈ সক্ষম হয় যদিও বাহনখন জ্বলি ইতিমধ্যেই বিস্তৰ ক্ষতি সাধন হয়।

স্কট কমাণ্ডাৰজনে সংবাদ মাধ্যমক জানিব দিয়া মতে বাহনখনত সংলগ্ন বেটাৰীৰ শ্বৰ্ট চাৰ্কিটৰ ফলতে জুইৰ সূত্ৰপাত হৈছে। বাহনখন কৃষ্ণাই অঞ্চলৰ মানিক চাহাৰ বুলি জানিব পৰা গৈছে। গৰাকীজনে কৃষ্ণাইৰ পৰা গোৱালপাৰা আদালত ভৱনলৈ দুজনমান বন্ধুৰ সৈতে এক সকামত আহি থকা অৱস্থাতে এই ঘটনা সংঘটিত হয়।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in