কেলিফ’ৰ্ণিয়াত বিধ্বংসী অগ্নিকাণ্ডঃ নিহত ৫১, সন্ধানহীন ১০০ৰো অধিক

কেলিফ’ৰ্ণিয়াত বিধ্বংসী অগ্নিকাণ্ডঃ নিহত ৫১, সন্ধানহীন ১০০ৰো অধিক

ডিজিটেল ডেস্কঃ বৃহস্পতিবাৰে আমেৰিকাৰ কেলিফ'ৰ্ণিয়াত সংঘটিত হয় বিধ্বংসী অগ্নিকাণ্ড। কেলিফ'ৰ্ণিয়াৰ অৰণ্যত প্রথমে জুইৰ সূত্ৰপাত হোৱা পাছত এই জুই বিয়পি পৰে পেৰাডাইজ নামৰ এখন চহৰলৈ। এই অগ্নিকাণ্ড ইমানেই ভয়াৱহ যে, ১০০জনতকৈও অধিক লোক বৰ্তমানলৈ সন্ধানহীন হৈছে। ইফালে, হেলিকপ্টাৰৰ সহায়ত এই বিধ্বংসী অগ্নিকাণ্ড নিৰ্বাচনৰ চেষ্টা অব্যাহত ৰখা হৈছে।

জানিব পৰা মতে, অগ্নিকাণ্ডৰ ফলত সম্পূৰ্ণৰূপে ভস্মীভূত হৈছে চহৰখন। প্ৰায় ২৬হাজাৰ লোক বসবাস কৰা এই চহৰখন পৰ্যটকৰ বাবে অতি জনপ্ৰিয় স্থান। এক সূত্ৰ অনুসৰি, সন্ধানহীন হোৱা লোকসকলৰ মাজত সৰহ সংখ্যকেই বৃদ্ধ। আমেৰিকাৰ ইতিহাসত এইটোৱে আটাইতকৈ ভয়াৱহ অগ্নিকাণ্ড য'ত বৰ্তমানলৈ ৫১জনকৈ লোক নিহত হোৱাৰ খবৰ পোৱা গৈছে। প্রশাসনেও এই অগ্নিকাণ্ড নিৰ্বাপনৰ বাবে সকলো ব্যৱস্থা গ্ৰহণ কৰিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in