/asomiyapratidin/media/media_files/2026/02/27/new-ap-web-11-1g-2026-02-27-12-59-41.jpg)
ডিজিটেল সংবাদ,শিলচৰঃ AI ব্যৱহাৰ কৰি কাছাৰৰ এগৰাকী যুৱতীৰ নামত ভুৱা ফেচবুক একাউণ্ট খুলি ব্লেক মেইলিঙ কৰাৰ অভিযোগত হায়দৰাবাদৰ পৰা গ্ৰেপ্তাৰ হ'ল ৰাতাবাৰীৰ এজন যুৱক। অভিযুক্ত ৰিপন নাথে ৰান্ধনি হিচাপে হাইদৰাবাদৰ এটা কোম্পানীত কাম কৰিছিল। কাছাৰৰ গুমৰা আৰক্ষীয়ে বৃহস্পতিবাৰে অভিযুক্ত ৰিপন নাথক গ্ৰেপ্তাৰ কৰে।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/02/27/whatsapp-image-2026-02-27-12-58-14.jpeg)
কাছাৰৰ গুমৰা এলেকাৰ যুৱতী গৰাকীৰ মোবাইল নম্বৰ সংগ্ৰহ কৰি প্ৰথমে প্ৰেম নিবেদন কৰিছিল যুৱকজনে । ৰিপন নাথৰ প্ৰেম প্ৰত্যাখ্যান কৰা বাবেই যুৱতীৰ নামত ভুৱা ফেচবুক একাউণ্ট খুলি AI ৰ জৰিয়তে দুয়োজনৰ আপত্তিজনক ফটো আৰু ভিডিঅ' আপলোড কৰিছিল ৰিপন নাথে। অকল ইমানেই নহয়, তাৰ লগত বিয়াত নবহিলে ভৱিষ্যতে যুৱতী গৰাকীক কাৰো সৈতে বিয়া হ'ব নিদিয়ে বুলিও ভাবুকি প্ৰদান কৰিছিল ৰিপন নাথে। AI ৰৈ জৰিয়তে অশ্লীল ফটো আৰু ভিডিঅ'প্ৰস্তুত কৰি সামাজিক মাধ্যমত ভাইৰেল কৰিব বুলি যুৱতী গৰাকীক ব্লেক মেইলিঙ কৰিছিল ৰিপনে।
এনে অৱস্থাত মানসিক ভাবে ভাঙি পৰা যুৱতী গৰাকীয়ে চাইবাৰ চেল আৰু মুখ্যমন্ত্ৰীক অভিযোগ দাখিল কৰিছিল। ইয়াৰ পাছতে গুমৰাগ আৰক্ষী চকীত গোচৰো ৰুজু কৰিছিল ভুক্তভোগী যুৱতী গৰাকীয়ে। এই গোচৰৰ ভিত্তিত আৰক্ষীয়ে হাইদৰাবাদৰ পৰা বুধবাৰে ৰিপন নাথক গ্ৰেপ্তাৰ কৰি বৃহস্পতিবাৰে কাছাৰলৈ নিয়া হয়।বৰ্তমান ৰিপন নাথক সোধা পোছা কৰি আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/02/27/whatsapp-im-2026-02-27-12-58-49.jpeg)
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us