কাছাৰ জিলাৰ নতুন আৰক্ষী অধীক্ষক ৰমনদ্বীপ কৌৰঃ ৰাজ্যৰ প্ৰশাসনত সালসলনি

কাছাৰ জিলাৰ নতুন আৰক্ষী অধীক্ষক ৰমনদ্বীপ কৌৰঃ ৰাজ্যৰ প্ৰশাসনত সালসলনি
  • অসম-মিজোৰাম সীমান্তত মিজোৰ গুলীবৰ্ষণ ঘটনাৰ পাছতে ৰাজ্যৰ প্ৰশাসন ব্যৱস্থাত কৰা হৈছে কিছু সালসলনি।
  • হাইলাকান্দি জিলাৰ আৰক্ষী অধীক্ষক ৰমনদ্বীপ কৌৰক কাছাৰৰ আৰক্ষী অধীক্ষক হিচাপে বদলি কৰা হৈছে।
  • চিৰাং জিলাৰ আৰক্ষী অধীক্ষক গৌৰৱ উপাধ্যায়ক হাইলাকান্দিৰ আৰক্ষী অধীক্ষক হিচাপে বদলি কৰা হৈছে।
  • যানবাহন শাখাৰ উপ আয়ুক্ত প্ৰাণজিত বৰাক চিৰাং জিলাৰ আৰক্ষী অধীক্ষক হিচাপে বদলি কৰা হৈছে।
  • সোমবাৰে দুৰ্বৃত্তৰ সহায়ত মিজো আৰক্ষীয়ে অসম আৰক্ষীলৈ গুলী চালনা কৰা ঘটনাত গুলীবিদ্ধ হৈছিল কাছাৰ জিলাৰ আৰক্ষী অধীক্ষকগৰাকী।
  • জিলাখনৰ আৰক্ষী অধীক্ষক বৈভৱ নিম্বলকাৰৰ দেহত চাৰিটাকৈ গুলী লগাৰ তথ্য পোহৰলৈ আহিছে।
  • উন্নত চিকিৎসাৰ বাবে আৰক্ষী অধীক্ষকগৰাকীক মহাৰাষ্ট্ৰলৈ এয়াৰ লিফ্ট কৰা হৈছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in