খিলঞ্জীয়া বিৰোধী ভূমিনীতিক লৈ ধলপুৰত প্ৰতিবাদ…

খিলঞ্জীয়া বিৰোধী ভূমিনীতিক লৈ ধলপুৰত প্ৰতিবাদ…

ডিজিটেল সংবাদ, শিমলুগুৰিঃ অসম মন্ত্ৰী সভাৰ কেবিনেটে গ্ৰহণ কৰা ভূমি অধ্যাদেশৰ যোগে বহিৰাগত বনিয়া গোষ্ঠীক বিনাচর্তে অনুজ্ঞাপত্র আৰু নথি-পত্র নোহোৱাকৈ খিলঞ্জীয়া কৃষকৰ ভূমিত ইচ্ছামতে ক্ষুদ্ৰ, মজলীয়া অথবা বৃহৎ উদ্যোগ গঢ়াৰ বাবে ৰাজ্য চৰকাৰে প্রস্তাৱিত অধ্যাদেশত অনুমোদন জনোৱাত সমগ্ৰ ৰাজ্যতে তীব্ৰ প্রতিক্রিয়াৰ সৃষ্টি হোৱাৰ সমান্তৰালভাবে ৰাজ্যিক কেবিনেটৰ শেহতীয়া সিদ্ধান্তৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে নিখিল ভাৰত কৃষক সভা ৷

নিখিল ভাৰত কৃষক সভাই ৰাজ্যত উদ্যোগ স্থাপন সমৰ্থন কৰে কিন্তু জাতিৰ মেৰুদণ্ড স্বৰুপ কৃষকসকলৰ ভূমিৰ ঐতিহাসিক অধিকাৰ খৰ্ব কৰি, কৃষকক পেটে-ভাটে মাৰি তথা উৎপাদন বিমূখ কৰা এনে অধ্যাদেশক সমৰ্থন নকৰে ৷ আজি নিখিল ভাৰত কৃষক সভাৰ লখিমপুৰ জিলা সমিতিৰ অন্তৰ্গত ধলপুৰ আঞ্চলিক সমিতিয়ে লকডাউনৰ নীতি নিয়ম উলংঘা নকৰাকৈ অসম চৰকাৰৰ খিলঞ্জীয়া বিৰোধী ভূমি নীতি সম্পৰ্কীয় অধিসূচনা প্ৰকাশৰ কেবিনেট সিদ্ধান্তক তীব্ৰ ভাষাৰে কৰ্কথনা কৰাৰ লগতে খিলঞ্জীয়া বিৰোধী এই সিদ্ধান্ত অতি শীঘ্রেই বাতিল কৰিবলৈ চৰকাৰক দাবী জনাই শিমলুগুৰিত প্ৰতিবাদ সাব্যস্ত কৰে ৷

ধলপুৰ আঞ্চলিক সমিতিৰ সভাপতি শুভেশ্বৰ ফুকন আৰু সম্পাদক হিতেশ্বৰ বৰাৰ নেতৃত্বত শিমলুগুৰি ব্যৱসায়ীক কেন্দ্ৰস্থলত ৰুপায়িত প্ৰতিবাদী কাৰ্যসূচীত কৃষক কৰ্মীসকলে হাতে হাতে দাবী সম্বলিত প্লে'কাৰ্ড লৈ চৰকাৰৰ এনে সিদ্ধান্তৰ ঘোৰ বিৰোধিতা কৰাৰ লগতে অসমৰ গ্রাম্য অর্থনীতি আৰু কৃষক ৰাইজলৈ ভাবুকি কঢ়িয়াই আনিব পৰা ভূমি নীতিৰ সিদ্ধান্ত বাতিল কৰক, খিলঞ্জীয়াক পেটে ভাতে মৰা উদ্যোগ নীতি বন্ধ কৰক, অসমৰ ১১৫ টা সৰু-বৰ জাতি জনগোষ্ঠীক দখল মতে পট্ৰা দিয়ক, অসমখন চৰণীয়া পথাৰ হ'বলৈ দিয়া নহ'ব, বিজেপি চৰকাৰ হুচিয়াৰ, নিখিল ভাৰত কৃষক সভা জিন্দাবাদ আদি শ্ল'গানেৰে পৰিবেশটো উত্তাল কৰি তোলে ৷

প্ৰতিবাদী অনুষ্ঠানত নিখিল ভাৰত কৃষক সভাৰ অসম ৰাজ্য পৰিষদৰ প্ৰাক্তন সম্পাদক শুভেশ্বৰ ফুকনে সংবাদ মাধ্যমক কয় যে–দেশদ্ৰোহী বদনে অসমলৈ মান আনি ৰাজ্যখনত জনতাৰ মাজত আলৈ আহুকাল কৰাৰ দৰেই অসম মন্ত্ৰীসভাৰ কেবিনেটে ছদ্মবেশী ৰুপেৰে বহিৰাগত বনিক গোষ্ঠীক বৰপীড়া পাৰি দি কৃষকৰ মেৰুদণ্ড ভঙাৰ অৱস্থা কৰিব বিচাৰিছে ৷

জাতি মাটি ভেটি ৰক্ষাৰ প্ৰতিশ্ৰুতি দি ক্ষমতালৈ অহাৰ পাচত বিজেপি চৰকাৰখনে খিলঞ্জীয়া ৰাইজৰ অধিকাৰ নস্যাৎ কৰিবলৈহে কামকাজ আৰম্ভ কৰিছে ৷মূৰৰ ঘাম মাটিত পেলাই খাদ্য শস্য উৎপাদনৰ যোগে পৃথিবীৰ জনতাই এমুঠি আহাৰ যোগোৱা কৃষক সকলক মহাত্মা গান্ধীয়ে দৰিদ্ৰ নাৰায়ণ আখ্যা দিছিল৷ আজি সময়ত দৰিদ্ৰ নাৰায়ণৰ চকুপানী কোনে মচিব? কৃষকসকল সহজ সৰল, কোমল অন্তৰৰ, কিন্তু সকলো সময়তে কেঁচা বাটুলগুতি হৈ নাথাকে —অধিকাৰৰ তাড়নাত পকা বাটুলগুটি হ'লে চৰকাৰে চিন্তা কৰিব লাগিব বুলিও মন্তব্য দাঙি ধৰে ৷ প্ৰতিবাদী কাৰ্যসূচীত ক্ৰমে দীনেশ চবৰ, সিতাৰাম ফুকন , পূৰ্বেশ্বৰ গগৈ, দিমাৰাম গোহাঁই, চুচেন্দ্ৰ বৰবৰুৱা, ভোলা ফুকন, কুমুদ চবৰকে প্ৰমূখ্য কৰি কেইবাগৰাকী কৃষক সভাৰ বিষয়-ববীয়া উপস্থিত থাকে ৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in