এইবাৰ কণ-কণ ছাত্ৰ-ছাত্ৰীয়েও দাহ কৰিলে নাগৰিকত্ব সংশোধনী আইন, VIDEO

এইবাৰ কণ-কণ ছাত্ৰ-ছাত্ৰীয়েও দাহ কৰিলে নাগৰিকত্ব সংশোধনী আইন, VIDEO

ডিজিটেল ডেস্কঃ নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে ৰাজ্যজুৰি অব্যাহত আছে প্ৰতিবাদ। মঙলবাৰে ৰাজ্যৰ বিভিন্ন প্ৰান্তত বহুলোকে প্ৰতিবাদ সাব্যস্ত কৰি কা বাতিল কৰাৰ দাবী তোলে। গোলাঘাটৰ বিষ্ণু-জ্যোতি বিদ্যালয়ত শিশু সকলে জ্বলালে 'কা'ৰ প্ৰতিলিপি।

অংকুৰ শ্ৰেণীৰ পৰা চতুৰ্থ শ্ৰেণীলৈকে আৰম্ভ হোৱা হাতীয়েখোৱাৰ বিষ্ণুজ্যোতি বিদ্যাপীঠৰ ছাত্ৰ ছাত্ৰীৰ মাজত অনুষ্ঠিত হোৱা খেল ধেমালীত মঙলবাৰে আছিল ভেশচন প্ৰতিযোগিতা৷

সেই প্ৰতিযোগিতাত ছাত্ৰ ছাত্ৰী সকলে বিভিন্ন চৰিত্ৰৰ অভিনয় কৰাৰ লগতে এটা দলে লাচিত সেনাৰ অ্ভিনয় কৰি বিভিন্ন শ্লোগানেৰে আকাশ বতাহ কঁপাই তুলি কাৰ প্ৰতিলিপি দাহ কৰি বিচাৰকৰ পৰা পুৰস্কাৰ বুটলিবলৈ সক্ষম হয়।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in