উত্তৰ প্ৰদেশৰ আজমগড়ত ‘কা’ বিৰোধী সহস্ৰাধিক প্ৰতিবাদকাৰীৰ বিৰুদ্ধে ৰাষ্ট্ৰদ্ৰোহৰ গোচৰ, দেশ আৰু মোডী শ্ল’গানৰ অভিযোগ…

উত্তৰ প্ৰদেশৰ আজমগড়ত ‘কা’ বিৰোধী সহস্ৰাধিক প্ৰতিবাদকাৰীৰ বিৰুদ্ধে ৰাষ্ট্ৰদ্ৰোহৰ গোচৰ, দেশ আৰু মোডী শ্ল’গানৰ অভিযোগ…

ডিজিটেল ডেস্কঃ উত্তৰ প্ৰদেশৰ আজমগড় জিলাৰ বিলৰিয়াগঞ্জত 'কা', এনআৰচি আৰু এনপিআৰৰ বিৰুদ্ধে প্ৰতিবাদ আৰু দেশ বিৰোধী শ্ল'গান দিয়াৰ অভিযোগত সহস্ৰাধিক লোকৰ বিৰুদ্ধে ৰাষ্ট্ৰদ্ৰোহৰ গোচৰ ৰুজু কৰা হৈছে। ইয়াৰে ২০ জন লোকক উত্তৰ প্ৰদেশ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা বুলিও জানিব পৰা গৈছে।

আৰক্ষী অধীক্ষক ত্ৰিৱেণী সিঙে বৃহস্পতিবাৰে জানিবলৈ দিয়া মতে, মঙলবাৰে মৌলানা জোহৰ পাৰ্ক বিলৰিয়াগঞ্জত 'কা', এনআৰচি আৰু এনপিআৰৰ বিৰুদ্ধে প্ৰতিবাদ কৰা মহিলাৰ আঁৰ লৈ একাংশ লোকে দেশ বিৰোধী শ্ল'গান দিছিল। প্ৰতিবাদকাৰীসকলে 'আমি স্বাধীনতা লৈহে এৰিম' শ্ল'গান দিয়াৰ লগতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু এটা বিশেষ সম্প্ৰদায়ৰ বিৰুদ্ধেও শ্ল'গান আৰু আপত্তিজনক মন্তব্য কৰিছিল। তাৰ পিছতে উত্তৰপ্ৰদেশ আৰক্ষীয়ে ৩৫ জন নাম জনা লোক আৰু সহস্ৰাধিক অজ্ঞাত লোকৰ বিৰুদ্ধে ৰাষ্ট্ৰদ্ৰোহৰ গোচৰ ৰুজু কৰে।

আৰক্ষী অধীক্ষকগৰাকীয়ে লগতে কয় যে উপদ্ৰৱকাৰীসকলে হাতত লাঠি, জোং, ইটা আৰু শিল লৈ প্ৰতিবাদত চামিল হৈছিল। প্ৰতিবাদত দেশবিৰোধী শ্ল'গান দিয়াৰ অপৰাধত আৰক্ষীয়ে ওলেমা কাউন্সিলৰ ৰাষ্ট্ৰীয় মহাসচিব তাহিৰ মদনীসহ ২০ জনক গ্ৰেপ্তাৰ কৰে বুধবাৰে পুৱা। আনহাতে ওলেমা কাউন্সিলৰ পলাতক নেতা নৰুল হুদা, মিৰ্জা শ্বানে আলম আৰু ওছামাৰ বিৰুদ্ধে ২৫-২৫ হাজাৰ টকাৰ পুৰস্কাৰ ঘোষণা কৰা হৈছে বুলিও জানিবলৈ দিয়ে আৰক্ষী অধীক্ষক ত্ৰিৱেণী সিঙে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in