দৌলাশালত কংগ্ৰেছৰ বিশাল জনজাগৰণ সভা, ”কা”খন ‘শ্লো পয়জন’ৰ দৰেঃ ৰিপুন বৰা, VIDEO

দৌলাশালত কংগ্ৰেছৰ বিশাল জনজাগৰণ সভা, ”কা”খন ‘শ্লো পয়জন’ৰ দৰেঃ ৰিপুন বৰা, VIDEO

ডিজিটেল সংবাদ, চেঙাঃ দৌলাশালত কংগ্ৰেছৰ বিশাল জনজাগৰণ সভা, "কা"খন 'শ্লো পয়জন'ৰ দৰেঃ ৰিপুন বৰা নাগৰিকত্ব সংশোধনী আইন "কা" বাতিলৰ দাবীত কংগ্ৰেছে ৰাজ্যজুৰি আৰম্ভ কৰা "অস্তিত্ব ৰক্ষাৰ জনজাগৰণ যাত্ৰা"ৰ অংশ হিচাপে বৃহস্পতিবাৰে নলবাৰী জিলাৰ বৰক্ষেত্ৰী বিধানসভা সমষ্টিৰ দৌলাশালত এক বিশাল ৰাজহুৱা জনজাগৰণ সভা অনুষ্ঠিত কৰে। অসম প্ৰদেশ কংগ্ৰেছৰ নেতৃত্বত আৰু নলবাৰী জিলা কংগ্ৰেছৰ সহযোগত অনুষ্ঠিত অসম আৰু অসমীয়াৰ অস্তিত্ব ৰক্ষাৰ জনজাগৰণ সভাখনত উপস্থিত থাকি অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই ভাষণ প্ৰসংগত বিজেপি চৰকাৰৰ কাম-কাজক তীব্ৰ সমালোচনা কৰি "কা" বাতিলৰ দাবী উত্থাপন কৰে।

"কা" আইনখন 'শ্লো পয়জন'ৰ দৰে বুলি উল্লেখ কৰি বিজেপি চৰকাৰে পাকিস্তান, বাংলাদেশ আৰু আফগানিস্তানৰ পৰা অহা প্ৰায় ৫০ লক্ষ ৰেডিমেড ভোটাৰ আনিবলৈ যোজা কৰিছে বুলি উল্লেখ কৰে। "কা" বাতিল হ'লেহে অসম আৰু অসমীয়াই বাচি থাকিব বুলি উল্লেখ কৰে।

সভাত উপস্থিত থাকি বিৰোধী দলৰ উপ সভাপতি তথা প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনে ভাষণ আগবঢ়ায়। ভাষণ প্ৰসংগত নাম উল্লেখ নকৰাকৈয়ে বন্ধু সম্বোধন কৰি ডঃ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিটো কামকে তীব্ৰ সমালোচনা কৰি কয় যে, বিজেপি চৰকাৰে ৰাইজক বিভ্ৰান্ত কৰি বিভিন্ন আঁচনি সৃষ্টিৰে প্ৰলোভিত কৰিব বিচাৰিছে। সকলো আঁচনিৰে অংশীদাৰ হৈ প্ৰাপ্য আদায় কৰিবলৈ প্ৰাক্তন মন্ত্ৰীগৰাকীয়ে ৰাইজক আহ্বান জনায়। বিজেপি চৰকাৰৰ আয়ুস আৰু মাত্ৰ এবছৰ বুলিহে দাবী কৰে হুছেইনে।

উক্ত সভাখনত বিৰোধী দলৰ দলপতি দেবব্ৰত শইকীয়া, অসম প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক অপূৰ্ব কুমাৰ ভট্টাচাৰ্য, প্ৰদেশ কংগ্ৰেছৰ মুখপাত্ৰ কমল কুমাৰ মেধি, সৰুক্ষেত্ৰী সমষ্টিৰ বিধায়ক জাকিৰ হুছেইন শিকদাৰ, বকো সমষ্টিৰ বিধায়িকা তথা মহিলা প্ৰদেশ কংগ্ৰেছৰ সভানেত্ৰী নন্দিতা দাস, বৰপেটা লোকসভা সমষ্টিৰ সাংসদ আব্দুল খালেকেও ভাষণ প্ৰদান কৰে। ভাষণ প্ৰসংগত অপূৰ্ব কুমাৰ ভট্টাচাৰ্যই কথা-কবিতা-গানৰ মাধ্যমেৰে বিজেপি নেতৃত্বাধীন অসম চৰকাৰ আৰু ভাৰত চৰকাৰক তীব্ৰ সমালোচনা কৰি থকা সৰকা কৰে।

আনহাতে কমল কুমাৰ মেধিয়েও ভাষণ প্ৰসংগত মূল্যবৃদ্ধিকে ধৰি বিজেপি নেতৃত্বাধীন চৰকাৰৰ মিথ্যাচাৰৰ কথা উদঙাই দি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ শিক্ষাগত অৰ্হতাৰ ওপৰতো প্ৰশ্ন উত্থাপন কৰে। বিজেপিৰ এটাই এজেণ্ডা, সেইটো হ'ল হিন্দু-মুছলমানৰ মাজত কাজিয়া লগাই ভাৰতখনক হিন্দু ৰাষ্ট্ৰ বনাব বিচাৰিছে বুলিও মেধিয়ে উল্লেখ কৰে। নিৰ্বাচনৰ সময়ত পাঁচ শ টকাত আমাৰ ভোট বিক্ৰী কৰিলে অসমীয়া জাতি নাবাচে। হিমন্ত বিশ্ব শৰ্মাই ইমান পাপ কৰিছে যে, সেই পাপী এজনে অসমৰ মুখ্যমন্ত্ৰী কেতিয়াও হ'ব নোৱাৰে বুলিও দাবী কৰে মেধিয়ে।

নলবাৰী জিলা কংগ্ৰেছৰ সভাপতি দিগন্ত বৰ্মন আৰু দৌলাশাল জিলা পৰিষদৰ প্ৰাক্তন সদস্য জেহেৰুল হকৰ সঞ্চালনাত অনুষ্ঠিত সভাখনত 'কা' বিৰোধী আন্দোলনত প্ৰাণ আহুতি দিয়া পঞ্চ শ্বহীদৰ বেদীত বন্তি প্ৰজ্বলন কৰি শ্ৰদ্ধাঞ্জলি নিবেদন কৰে। তিনি সহস্ৰাধিক ৰাইজৰ 'কা' বিৰোধী শ্লোগানে বৃহস্পতিবাৰে সন্ধিয়া দৌলাশাল অঞ্চলৰ আকাশ-বতাহ কঁপাই তোলে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in