ৰহাৰ ‘মহিলা বজাৰ’ত প্ৰথমদিনাই গ্ৰাহকৰ ভিৰ

ৰহাৰ ‘মহিলা বজাৰ’ত প্ৰথমদিনাই গ্ৰাহকৰ ভিৰ

author-image
asomiyapratidin
New Update
ৰহাৰ ‘মহিলা বজাৰ’ত প্ৰথমদিনাই গ্ৰাহকৰ ভিৰ

ডিজিটেল সংবাদ, ৰহাঃ এখন বিশেষ সাপ্তাহিক বজাৰ। কেইগৰাকীমান মহিলাৰ চিন্তাৰ ফচল এইখন বজাৰ। যিখন বজাৰত বিক্ৰেতা হিচাবে পাব কেৱল মহিলাক। ৰহাৰ ফুলগুৰিত থকা এই বজাৰখনত আপুনি পাব সম্পূৰ্ণ থলুৱা ঘৰুৱা উৎপাদিত দৈনন্দিন ব্যৱহার্য বিভিন্ন সামগ্ৰী।

ৰহা উন্নয়ন খণ্ডৰ অন্তৰ্গত নীলকন্ঠ মণ্ডল সংগঠনৰ উদ্যোগত আৰু গ্ৰামীণ জীৱিকা অভিযান আঁচনিৰ ৩১ টা মহিলা আত্মসহায়ক গোটৰ সহযোগত আৰম্ভ হৈছে এইখন মহিলাৰ বজাৰ। বজাৰখনক কেন্দ্ৰ কৰি মঙলবাৰে এক ব্যস্ততাপূৰ্ণ পৰিৱেশে বিৰাজ কৰে ঠাইখনত।

বিভিন্ন স্থানৰ পৰা আহি পুৱাতে শাক-পাচলি, মাছ-মাংস, কাপোৰকে ধৰি প্ৰায় সকলোবোৰ উপলব্ধ বজাৰখনত সামগ্ৰী বিক্ৰীৰ বাবে ভিৰ কৰেহি বহু মহিলাই।

মহিলাসকলে হাতত তুলাচনী লৈ বস্তু বিক্ৰী কৰি সকলোৰে দৃষ্টি আকৰ্ষণ কৰে। উল্লেখ্য যে সপ্তাহৰ প্ৰতি মঙলবাৰে খোলা থাকিব ৰহাৰ এইখন
মহিলাৰ বজাৰ। ৰহা উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া ভাস্কাৰ বৰবৰাই আজি আনুষ্ঠানিকভাৱে উদ্বোধন কৰে বজাৰখন। বজাৰখনৰ জৰিয়তে এনেদৰে স্বাৱলম্বীতাৰ পথ বাচি লৈ যথেষ্ট সুখী অনুভৱ কৰিছে মহিলা বিক্ৰেতাসকলে।

সমাজত মহিলাসকল যে কোনো ক্ষেত্ৰতে পিছপৰি থকা নাই তাৰেই নিদৰ্শন দাঙি ধৰা এই বজাৰখনত প্ৰথম দিনাই ভিৰ কৰে বহু গ্ৰাহকে। তেওঁলোকৰ এই পদক্ষেপক বিশেষভাৱে প্ৰশংসা কৰা দেখা গৈছে প্ৰতিজন গ্ৰাহকৰ লগতে স্থানীয় লোকসকলক।