/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/10/Pic4-IMG_0260.jpg)
ফাইল ফটো
ডিজিটেল ডেস্কঃ ৰাজস্থানৰ বিজয় ছলভেক্স লিমিটেডলৈ আগবঢ়োৱা হৈছে চলিত বৰ্ষৰ এছিয়াৰ সৰ্বাধিক বিশ্বাসযোগ্য ব্ৰেণ্ড আৰু কোম্পানী বঁটা। এছিয়াৰ ১০ খন আগশাৰীৰ দেশত চলোৱা সমীক্ষাৰ ভিত্তিত পশ্চিম ভাৰতৰ ৰাজ্যখনৰ প্ৰতিষ্ঠানটোলৈ এই সন্মান আগবঢ়াইছে আইবিচি ইনফ' মিডিয়াই।
ব্ৰেণ্ড আৰু কোম্পানীকৈ বিভিন্ন সমীক্ষা চলাই অহা আইবিচি ইনফ' মিডিয়াই ছলভেক্সক উদ্যোগ শাখাত চলিত বৰ্ষৰ বজাৰৰ আধিপত্যৰ ভিত্তিত এই বঁটাৰ বাবে নিৰ্বাচিত কৰে।
সংস্থাটোৱে জনোৱা মতে, এছিয়াৰ ১০খন দেশৰ বিভিন্ন কোম্পানীৰ ভিতৰত ছলভেক্সে এইবাৰৰ সমীক্ষাত শীৰ্ষ স্থান লাভ কৰিবলৈ সমৰ্থ হয়।
বেংককত আয়োজিত এক আড়ম্বৰপূৰ্ণ অনুষ্ঠানত ছলভেক্সৰ লগতে বিভিন্ন শিতানত বঁটা পোৱা আৰু কেবাটাও উদ্যোগ প্ৰতিষ্ঠানক বঁটাসমূহ প্ৰদান কৰা হয়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/10/d2895d85-1580-473e-a6b2-a14106f63a74-217x300.jpg)
এই অনুষ্ঠানত অংশগ্ৰহণ কৰে ভাৰত-থাই চেম্বাৰ অব কমাৰ্চৰ সভাপতি এছ এছ ফুলৰ লগতে আইবিচি ইনফ' মিডিয়াৰ মুখ্য কাৰ্যবাহী হেমন্ত কৌশিকে।