বিজয় মালিয়াই হেৰুৱাব লণ্ডনৰ বিলাসী বাংলা

বিজয় মালিয়াই হেৰুৱাব লণ্ডনৰ বিলাসী বাংলা

author-image
asomiyapratidin
New Update
বিজয় মালিয়াই হেৰুৱাব লণ্ডনৰ বিলাসী বাংলা

ডিজিটেল ডেস্কঃ চৰকাৰী বেংকৰ পৰা ঋণ লৈ ভাৰতৰ পৰা পলায়ন কৰা সুৰা ব্যৱসায়ী বিজয় মালিয়াৰ লণ্ডনত থকা বিলাসী বাংলা হেৰুৱাবলগীয়া হ'ব পাৰে৷ চুইচ বেংকে বিজয় মালিয়া, তেওঁৰ মাতৃ আৰু পুত্ৰক লণ্ডনৰ ৰেজেন্ট পাৰ্কস্থিত কোটিটকীয়া বাংলাটো ত্যাগ কৰিবলৈ আদালতৰ দ্বাৰা জাননী প্ৰেৰণ কৰিছে৷ জানিব পৰা মতে, বিজয় মালিয়াই তেওঁৰ এই বাংলাটো বন্ধকত ৰাখি চুইচ বেংকৰ পৰা লোন লোৱাত এতিয়া বেংকে তেওঁৰ সম্পত্তি দখলৰ বাবে উচ্চ ন্যায়ালয়ত আপীল কৰিছে৷

ইফালে, ৰোজ কেপিটেল বেঞ্চৰ্ছ লিমিটেড কোম্পানী, বিজয় মালিয়া, মাতৃ ললিতা মালিয়া আৰু পুত্ৰ সিদ্ধাৰ্থ মালিয়াৰ বিৰুদ্ধে আদালতত এই গোচৰৰ অহা ২৪ অক্টোবৰত শুনানি গ্ৰহণ কৰা হ'ব৷ উল্লেখ্য যে, বিজয় মালিয়াৰ চিলেটা ট্ৰাষ্টৰ মালিকানাধীন ৰোজ কেপিটেল বেঞ্চৰ্ছ লিমিটেড কোম্পানীয়ে ইউনিয়ন বেংক অৱ চুইজাৰলেণ্ডৰ পৰা ১৯৫ কোটি টকাৰ লোন লৈছিল৷

ইউনিয়ৱন বেংক অৱ চুইজাৰলেণ্ডৰ মতে লোন প্ৰদানৰ সময় সীমাৰ অন্ত পৰাৰ পিছতে বিজয় মালিয়াৰ পৰিয়ালক তেওঁলোকৰ সম্পত্তি খালী কৰিবলৈ নিৰ্দেশ দিয়া হৈছিল যদিও তেওঁলোকে সেয়া খালী কৰিবলৈ অস্বীকাৰ কৰে৷ জানিব পৰা মতে, বিজয় মালিয়াই লণ্ডনৰ বাংলাটো ২০০৫ চনৰ ৩ অক্টোবৰত প্ৰায় ৫২ কোটি টকা ভাৰতীয় মূল্যত ক্ৰয় কৰিছিল৷

বেংকৰ মতে, বিজয় মালিয়াৰ ঋণ ২০১৭ চনৰ ১ চেপ্তেম্বৰলৈ ১৯৮ কোটি টকা হয়৷ ঋণ পৰিশোধ নকৰাত বেংকে ২০১৬ চনৰ নৱেম্বৰত ঋণ আদায় আৰু সম্পত্তি বাজেয়াপ্ত কৰাৰ বাবে আদালতৰ দাৰস্থ হৈছিল৷

উল্লেখ্য যে, বিজয় মালিয়াই ভাৰতীয় বেংকৰ পৰাও প্ৰায় ৯ হাজাৰ কোটি টকাৰ ঋণ লৈ ভাৰতৰ পৰা পলায়ন কৰে৷ ইয়াৰ পিছতে ভাৰত চৰকাৰে পলাটক সুৰা ব্যৱসায়ীজনক ভাৰতলৈ প্ৰত্যাৰ্পন কৰাৰ বাবে চেষ্টা অব্যাহত ৰাখিছে৷ বিজয় মালিয়াৰ বিৰুদ্ধে এতিয়াও আদালতত গোচৰ চলি আছে৷