উবেৰত উঠি এইবাৰ উৰিব পাৰিব!

উবেৰত উঠি এইবাৰ উৰিব পাৰিব!

author-image
asomiyapratidin
New Update
উবেৰত উঠি এইবাৰ উৰিব পাৰিব!

ডিজিটেল ডেস্কঃ ভাৰতীয়সকলক তীব্ৰ যান-জঁটৰ পৰা পৰিত্ৰাণ দিবলৈ এইবাৰ আকাশমাৰ্গতো চলিব উবেৰ। মোবাইলৰ স্ক্ৰীনত টাচ্ছ কৰিলেই সমুখত আহি হাজিৰ হ'ব এখন আকাশত উৰা উবেৰ।

'আন্তঃৰাষ্ট্ৰীয় উবেৰ এয়াৰ চিটি'ৰ সুবিধা উপলব্ধ কৰিবৰ বাবে বাচনি কৰা ৫খন দেশৰ ভিতৰত ভাৰতৰো নাম অন্তৰ্ভুক্ত হোৱাৰ লগে লগে বৰ্তমান সপোন যেন লগা এই পৰিৱেশ বাস্তৱ হোৱাৰ দিশে অগ্ৰসৰ হৈছে। এয়া বাস্তৱ হৈ পৰিলেই ভাৰতে লাভ কৰিব প্ৰথম আন্তঃৰাষ্ট্ৰীয় উবেৰ এয়াৰ চিটি।

টকিঅ' চহৰৰ প্ৰথম উবেৰ এলিভেট এছিয়া পেচিফিক এক্সপ'ত জাপান, ভাৰত, অষ্ট্ৰেলিয়া, ব্ৰাজিল আৰু ফ্ৰান্সক প্রথম ৫খন দেশ হিচাবে নিৰ্বাচন কৰা হয়। মাৰ্কিন যুক্তৰাষ্ট্ৰৰ ডালাছ আৰু ল'ছ এঞ্জেলছৰ পাছতেই উপৰোক্ত পাঁচখন দেশৰ ভিতৰত এখন চহৰক 'আন্তঃৰাষ্ট্ৰীয় উবেৰ এয়াৰ চিটি' হিচাপে নিৰ্বাচন কৰিব উবেৰে।
এই উবেৰ এয়াৰ চিটিত উপলব্ধ হ'ব উৰন্ত উবেৰৰ সুবিধা। সমগ্ৰ ভাৰতৰ ভিতৰত আটাইতকৈ বেছি যান-জঁট হোৱা চহৰ হিচাপে পৰিচিত মুম্বাই, দিল্লী আৰু বাংগালুৰুৱে এইক্ষেত্ৰত আগস্থান পাব বুলি আশা কৰা হৈছে।

উবেৰৰ এই প্ৰচেষ্টাই প্ৰযুক্তিক শীর্ষ পৰ্যায়লৈ লৈ যাব বুলি মন্তব্য কৰে উবেৰ এভিয়েশ্যন প্ৰগ্ৰেমৰ মূৰব্বী এৰিক এলিছ'নে। স্থানীয় পৰিবহণ ব্যৱস্থাৰ মানদণ্ড উন্নত কৰাৰ লগতে 'উবেৰ ইটছ'ৰ ক্ষেত্ৰতো এই ব্যৱস্থাই এক বিপ্লবৰ সূচনা কৰিব বুলিও সদৰী কৰে উবেৰৰ শীৰ্ষ বিষয়াগৰাকীয়ে।