বন্ধ হ’ব নেকি ২০০০টকীয়া নোট?

বন্ধ হ’ব নেকি ২০০০টকীয়া নোট?

author-image
asomiyapratidin
New Update
বন্ধ হ’ব নেকি ২০০০টকীয়া নোট?

ডিজিটেল-ডেস্কঃ ২০০০ টকীয়া নোট বন্ধ হ'ব। এনে খবৰ ওলাই আছে এতিয়া। বজাৰে-সমাৰে ২০০০টকীয়া নোটক লৈ যথেষ্ট সমস্যা। খুচুৰা বিচাৰি বিমূৰত পৰে ব্যৱসায়-গ্ৰাহক।

সেয়েহে এই খবৰে বিশেষ দৃষ্টি আকৰ্ষণ কৰিছে দেশবাসীক। বিমূদ্ৰাকৰণৰ সময়ত চৰকাৰে পূৰণি ৫০০ টকীয়া আৰু ১০০০ টকীয়া নোট বাতিল কৰিছিল। সেয়া আছিল ২০১৬চনৰ নবেম্বৰৰ কথা।

তাৰ পাছতেই নতুনকৈ ২০০০টকীয়া প্ৰচলন কৰিছিল আৰ বি আইয়ে। লোকসভাত এই সন্দৰ্ভত এক প্ৰশ্ন উত্থাপন হৈছিল।

বন্ধ কৰা হ'ব নেকি বহুতৰ বাবে সমস্যা হৈ পৰা ২০০০টকীয়া নোট? এই প্ৰশ্নৰ উত্তৰত কেন্দ্ৰীয় ৰাজ্যিক বিত্তমন্ত্ৰী পি ৰাধাকৃষ্ণণে জনায় যে- সদ্যহতে তেনে কোনো সিদ্ধান্ত লোৱা নাই চৰকাৰে।