ভেজাল মিঠাই! মহানগৰীৰ ২ ৰেষ্টুৰেণ্টত তলা

ভেজাল মিঠাই! মহানগৰীৰ ২ ৰেষ্টুৰেণ্টত তলা

author-image
asomiyapratidin
New Update
ভেজাল মিঠাই! মহানগৰীৰ ২ ৰেষ্টুৰেণ্টত তলা

ডিজিটেল সংবাদ, গুৱাহাটীঃ মহানগৰাবাসীৰ খাদ্য সচেতনতাৰ অভাৱৰ সুযোগ লৈ সময়ে সময়ে একাংশ অসাধু ব্যৱসায়ীয়ে সংঘটিত কৰি আহিছে অনিয়ম। ধনৰ লালসাত ভেজাল তথা অস্বাস্থ্যকৰ খাদ্য সামগ্ৰীও গ্ৰাহকক তুলি দিবলৈ কুণ্ঠাবোধ নকৰা এনে অসাধু ব্যৱসায়ীৰ সংখ্যা দিনে দিনে বৃদ্ধি পোৱা সত্বেও ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপিত হৈ অহাৰ সময়তে ২খনকৈ ৰেষ্টুৰেণ্ট বন্ধ ৰখাৰ নিৰ্দেশ প্ৰদান কৰিছে প্ৰশাসনে।

গ্ৰাহকৰ স্বাস্থ্যৰ প্ৰতি গুৰুত্ব নিদিয়াৰ অভিযোগ লাভ কৰাৰ পিছতে প্ৰশাসনে বন্ধ ৰাখিবলৈ নৰ্দেশ প্ৰদান কৰা এই ৰেষ্টুৰেণ্ট দুখন হৈছে লাচিত নগৰৰ কস্তুৰী ৰেষ্টুৰেণ্ট আৰু শিলপুখুৰীৰ কুইক পিক ৰেষ্টুৰেণ্ট।

একাধিক গ্ৰাহকে ৰেষ্টুৰেণ্ট দুখনত দীৰ্ঘদিন ধৰি চলি অহা অনিয়মৰ বিষয়ে অভিযোগ দাখিলৰ পিছত সোমবাৰে খাদ্য সুৰক্ষা বিভাগে ৰেষ্টুৰেণ্ট দুখন পৰিদৰ্শন কৰে। পৰিদৰ্শনৰ অন্তত অভিযোগ সত্য প্ৰমাণিত হোৱাত বিভাগটোৱে দুয়োখন ৰেষ্টুৰেণ্টক ৭ দিনলৈ বন্ধ ৰাখিবলৈ নিৰ্দেশ প্ৰদান কৰে।

উল্লেখ্য যে কিছুদিন পূৰ্বে স্বাস্থ্য বিভাগৰ ৰাজ্যিক মন্ত্ৰী পীয়ুষ হাজৰিকাই মহানগৰীৰ কেবাখনো ৰেষ্টুৰেণ্ট পৰিদৰ্শন কৰি গ্ৰাহকৰ স্বাস্থ্যৰ দিশটোৰ প্ৰতি কোনোধৰণৰ গুৰুত্ব প্ৰদান নকৰা কেবাখনো ৰেষ্টুৰেণ্ট বন্ধ কৰি দিছিল। একেদৰে ফৰ্মেলিনযুক্ত মাছক লৈয়ো নিৰ্দেশনা প্ৰদান কৰিছিল যদিও পিছত সকলো ফুটুকাৰ ফেনত পৰিণত হয়।

এনে পৰিপ্ৰেক্ষিতত কেৱল ৭ দিনৰ বাবে বন্ধ ৰখাৰ নিৰ্দেশ প্ৰদান কৰিলেই ৰেষ্টুৰেণ্ট তথা খাদ্য সামগ্ৰী বিক্ৰী কৰা ব্যৱসায়িক প্ৰতিষ্ঠানসমূহে গ্ৰাহকৰ স্বাস্থ্যৰ সৈতে হেতালি খেলিবলৈ যে এৰি দিব তাৰ কোনো আশা নাই বুলিয়েই মন্তব্য কৰিছে মহানগৰীৰ অধিকাংশ লোকে।