/asomiyapratidin/media/media_files/2025/09/15/whatsapp-image-2-2025-09-15-12-11-50.jpeg)
ডিজিটেল ডেস্কঃ দেশৰ কৰ ব্যৱস্থাত GST 2.0 এটা নতুন মাইলৰ খুঁটি হিচাপে পৰিগণিত হ’ব বুলি কৰ পৰিষদৰ ৫৬ সংখ্যক বৈঠকত ঘোষণা কৰিছে কেন্দ্ৰীয় চৰকাৰে। ২০১৭ চনৰ জুলাই মাহত পণ্য আৰু সেৱা কৰ (GST) আৰম্ভ হোৱাৰ পিছত দেশত এক অন্য কৰ ব্যৱস্থা গঢ়ি উঠিছিল।
এতিয়া নতুন সংস্কৰণ GST 2.0ৰে কৰ প্ৰশাসন অধিক স্বচ্ছ, ডিজিটেলভিত্তিক আৰু জনমুখী হোৱাৰ আশা প্ৰকাশ কৰিছে চৰকাৰে।এই সন্দৰ্ভত বিত্তীয় মন্ত্ৰালয়ে জনাই যে, নতুন ব্যৱস্থাত কৰ দাখিল, পৰিশোধ আৰু পৰীক্ষা প্ৰক্ৰিয়া বেছি সহজ হ’ব। লগতে ক্ষুদ্ৰ আৰু মধ্যম আকাৰৰ উদ্যোগ (MSME)ক বিশেষ সুবিধা প্ৰদান কৰা হ’ব।
GST 2.0 কেৱল কৰ সংগ্ৰহৰ আধুনিক ৰূপ নহয়, ই ভাৰতীয় অৰ্থনীতিক এক সুশৃংখল গতি প্ৰদান কৰিব। একেদৰে ৰাজ্য আৰু কেন্দ্ৰৰ মাজত কৰ আবণ্টন ব্যৱস্থাও অধিক ফলপ্ৰসূ হ’ব বুলি আশা প্ৰকাশ কৰা হৈছে।
উল্লেখ্য যে, ব্যক্তিগত যত্নৰ সামগ্ৰী যেনে চাবোন, শ্বেম্পু, চুলিৰ তেল, পাউদাৰ, আৰু টুথপেষ্টৰ ওপৰত জিএছটি হাৰ ১২ শতাংশ আৰু ১৮ শতাংশৰ পৰা হ্ৰাস কৰি ৫ শতাংশ কৰা হৈছে। এই পদক্ষেপে FMCG কোম্পানীসমূহক তৎক্ষণাৎ মূল্য নিৰ্ধাৰণৰ সুবিধা প্ৰদান কৰিব, যাৰ ফলত তেওঁলোকে গ্ৰাহকৰ পৰা লোৱা মুঠ মূল্যৰ অধিক অংশ ধৰি ৰাখিব পাৰিব। জি এছ টিৰ এই হ্ৰাসে গ্ৰাহকৰ ক্ৰয় ক্ষমতা বৃদ্ধিৰ জৰিয়তে চাহিদা বৃদ্ধি কৰিব।"