১৯ কোটি টকাত বিক্ৰী হ’ল বিশ্বৰ আগশাৰীৰ আলোচনী ‘টাইম’

১৯ কোটি টকাত বিক্ৰী হ’ল বিশ্বৰ আগশাৰীৰ আলোচনী ‘টাইম’

author-image
asomiyapratidin
New Update
১৯ কোটি টকাত বিক্ৰী হ’ল বিশ্বৰ আগশাৰীৰ আলোচনী ‘টাইম’

ডিজিটেল ডেস্কঃ ১৯ কোটি টকাত বিক্ৰী হ'ল বিশ্বৰ অন্যতম প্ৰভাৱশালী তথা জনপ্ৰিয় আলোচনী 'টাইম'। মেৰেডিথ কৰ্প'ৰেশ্যনৰ পৰা ছেলছফ'ৰ্চৰ সহঃপ্ৰতিষ্ঠাতা মাৰ্ক বেনিঅফ আৰু তেওঁৰ পত্নী লিন কিনে ক্ৰয় কৰিছে মাৰ্কিন সংবাদ জগতৰ আগশাৰীৰ আলোচনীখন।

ৱাল ষ্ট্ৰীট জাৰ্ণেলত প্ৰকাশিত বাতৰি অনুযায়ী নিজাববীয়াকৈ আলোচনীখন ক্ৰয় কৰিছে বেনিঅফে। আলোচনীখন ক্ৰয়ৰ সৈতে তেওঁ জড়িত হৈ থকা প্ৰতিষ্ঠান ছেলছফ'ৰ্চৰ কোনো সম্পৰ্ক নাই বুলিও বাতৰিটোত স্পষ্ট কৰি দিছে।

য়েলে বিশ্ববিদ্যালয়ৰ স্নাতক হেনৰি লুচ আৰু ব্ৰিটন হেডেনৰ প্ৰচেষ্টাত ১৯২৩ চনত প্ৰথমবাৰৰ বাবে প্ৰকাশ পাইছিল টাইম আলোচনী। প্ৰকাশৰ কিছু বছৰ পিছতে সমগ্ৰ বিশ্বতে জনপ্ৰিয় আৰু প্ৰভাৱশালী আলোচনী হিচাপে প্ৰতিষ্ঠা লাভ কৰিবলৈ সমৰ্থ হয় 'টাইম'।

কিন্তু শেহতীয়াকৈ তথ্য-প্ৰযুক্তিৰ উন্নয়নৰ লগে লগে সমগ্ৰ বিশ্বতে ছপা মাধ্যমৰ জনপ্ৰিয়তা হ্ৰাস পোৱাত বিজ্ঞাপনকে আদি কৰি একাধিক ক্ষেত্ৰত লোকচানৰ সন্মুখীন হ'বলগীয়া হোৱাত আলোচনীখন বিক্ৰী কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে মেৰেডিথ কৰ্প'ৰেশ্যনে।

উল্লেখ্য যে, ২০১৭ চনত আলোচনীখন টাইম কৰ্প'ৰেশ্যনৰ পৰা ক্ৰয় কৰিছিল মেৰেডিথ কৰ্প'ৰেশ্যনে। কিন্তু ধাৰাবাহিকভাৱে ক্ষতিৰ সন্মুখীন হোৱাত বিশ্বৰ শীৰ্ষৰ ক্লাউড কম্পিউটিং প্ৰতিষ্ঠানটোৰ গৰাকী বেনিঅফক বিক্ৰী কৰাৰ সিদ্ধান্ত চূড়ান্ত কৰে।