/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/10/5c2f2732-4671-433a-82eb-894cab9db363.jpg)
ডিজিটেল ডেস্কঃ এখন গাঁও। গাঁওখনৰ প্ৰতিটো পৰিয়াল কোটিপতি, তেওঁলোকৰ একাউন্টত জমা আছে ১ কোটিৰো অধিক টকা। অবিশ্বাস্য যেন লাগিলেও এয়াই সত্য। বিশ্বৰ আটাইতকৈ ধনী গাঁও এইখন।
গাঁওখনৰ প্ৰতিটো পৰিয়ালৰ একাউন্টত জমা আছে প্ৰায় ১.৫০ কোটিকৈ টকা, লগতে আছে অট্টালিকা সদৃশ ঘৰ আৰু বিলাসী বাহন। এয়াই নহয় গাঁওখনত হেলিকপ্টাৰ অৱতৰণৰ বাবে আছে কেইবাখনো ফিল্ড।
হাজাৰ কোটি টকীয়া কেইবাটাও বহুজাতিক কোম্পানী আছে গাঁওখনৰ ভিতৰতে। বিশ্বৰ আটাইতকৈ ধনী এই গাঁওখন আছে চীনৰ জিয়াংগুত। গাঁওখনৰ নাম ৱাক্সৌ। সকলো ধৰণৰ অত্যাধুনিক সা-সুবিধা উপলদ্ধ এই গাঁওখনত।
ৰাস্তা-ঘাটৰ পৰা আদি কৰি বেপাৰ-বাণিজ্যলৈকে সকলোখিনি সুবিধা আছে ৱাক্সৌ গাঁৱত। খবৰ অনুসৰি প্ৰগতিৰ শীৰ্ষত আৰোহণ কৰা চীনৰ এই গাঁওখন প্ৰতিষ্ঠাৰ ক্ষেত্ৰত চীনৰ কমিউনিষ্ট পাৰ্টিৰ স্থানীয় সচিব ৱু ৰেনাবৌয়ে মুখ্য ভূমিকা পালন কৰিছিল।
সি যি নহওক, সবাতোকৈ ধনী গাঁও হিচাপে ৱাক্সৌ এতিয়া সমগ্ৰ বিশ্বতে চৰ্চিত হৈ পৰিছে। গাঁওখনলৈ ইতিমধ্যে আগমন ঘটিবলৈ লৈছে বহু বিদেশী পৰ্যটকৰো।