ছুইছ বেংকত একাউণ্ট আছে যদি সাৱধান…

ছুইছ বেংকত একাউণ্ট আছে যদি সাৱধান…

author-image
asomiyapratidin
New Update
ছুইছ বেংকত একাউণ্ট আছে যদি সাৱধান…

ডিজিটেল ডেস্কঃ ছুইজাৰলেণ্ডত আৰু কোনো ভাৰতীয়ই কলা ধন জমা ৰাখিব নোৱাৰিব। এই দিশত সতৰ্ক হ'ব দেশখনৰ চৰকাৰ। ভাৰতক এই দিশত পূৰ্ণ সহযোগিতাৰ প্ৰতিশ্ৰুতি দিছে ছুইজাৰলেণ্ডে।

বিদেশমন্ত্ৰী সুষমা স্বৰাজৰ সৈতে হোৱা ছুইজাৰলেণ্ডৰ বিদেশ মন্ত্ৰী ইগাজিঅ কাছিছেৰে নতুন দিল্লীত অনুষ্ঠিত বৈঠকত এই সিদ্ধান্ত লোৱা হৈছে।

ভাৰত ভ্ৰমণৰত ছুইজাৰলেণ্ডৰ বিদেশ মন্ত্ৰীগৰাকীৰ সৈতে হোৱা আলোচনা কালত এনে তথ্য  পাতি স্বয়ংকিয়ভাৱে বিনিময়ৰ এক মডেলিটিৰ কথাও চিন্তা কৰা হৈছে। যদি কোনোবা ভাৰতীয় নাগৰিকে ছুইজাৰলেণ্ডৰ কোনো বেংকত ধন জমা থয় তেন্তে সেই তথ্য ভাৰত চৰকাৰে লাভ কৰিব।

অহা বছৰৰ পৰা কোনো ভাৰতীয় লোকৰ নতুন বেংক একাউণ্টৰ তথ্য ছুইজাৰলেণ্ড চৰকাৰে ভাৰত চৰকাৰক প্ৰদান কৰিব। ২০১৯চনৰ ছেপ্টেম্বৰৰ পৰা এই প্ৰক্ৰিয়া আৰম্ভ হ'ব।

উল্লেখযোগ্য যে, মোদী চৰকাৰে গ্ৰহণ কৰা  কিছু স্থিতিৰ পাছত ছুইজাৰলেণ্ডৰ বেংকত জমা থোৱা ভাৰতীয় লোকৰ ধনৰ পৰিমাণ হ্ৰাস পাইছে।

লোকসভা নিৰ্বাচনৰ পূৰ্বে নৰেন্দ্ৰ মোদীয়ে ছুইজাৰলেণ্ডৰ কলা ধন আনি প্ৰতিজন ভাৰতীয়ৰ বেংক একাউণ্টত ১০-১৫লাখ টকাকৈ জমা দিব বুলি ঘোষণা কৰিছিল।

অৱশ্যে সেই ঘোষণা কৰাৰ দৰে ছুইজাৰলেণ্ডৰ পৰা কলা ধন আনিবলৈ আজিও সক্ষম হোৱা নাই মোদী চৰকাৰ।