কঁঠালক লৈ নিবনুৱাক সংস্থাপনৰ সপোন মেঘালয়ৰ মুখ্যমন্ত্ৰীৰ

কঁঠালক লৈ নিবনুৱাক সংস্থাপনৰ সপোন মেঘালয়ৰ মুখ্যমন্ত্ৰীৰ

author-image
asomiyapratidin
New Update
কঁঠালক লৈ নিবনুৱাক সংস্থাপনৰ সপোন মেঘালয়ৰ মুখ্যমন্ত্ৰীৰ

ডিজিটেল সংবাদ, শ্বিলংঃ কঁঠালেৰে চহকী হ'ব মেঘালয়। নিৱনুৱাই লাভ কৰিব সংস্থাপন। কঁঠালক লৈ এনেধৰণৰ সপোনকে দেখিছে মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাই।

এই অনুযায়ী মঙলবাৰে শ্বিলঙত ৫ বছৰীয়া কঁঠাল অভিযান আৰম্ভ কৰে মেঘালয় চৰকাৰে। কঁঠাল অভিযান ২০১৮-২০২৩ৰ জৰিয়তে ৰাজ্য চৰকাৰখনে অতি কমেও ৬০ হাজাৰ কৃষকক লাভান্বিত কৰাৰ লক্ষ্য হাতত লৈছে।

'কঁঠাল হৈছে ছুপাৰ ফুড। এই ফলবিধেই আমাক চহকী কৰিব। আমি ফলবিধক গুৰুত্ব দিলে ফলবিধেও আমাক চাব। অতি কম মূলধন আৰু সামান্য কষ্টৰে আমি কঁঠাল খেতিৰ জৰিয়তে অধিক লাভ আহৰণ কৰিব পাৰো।'-কৃষকসকলক কঁঠালৰ খেতিত গুৰুত্ব দিবলৈ আহ্বান জনাই এইদৰে কয় কনৰাডে।

আঁচনিখনৰ বাবে মুখ্যমন্ত্ৰীগৰাকীয়ে 'ছুপাৰজেক' নামেৰে এটি শুভংকৰো মুকলি কৰে। ছ'চিয়েল মিডিয়াত এই শুভংকৰটোৰ জৰিয়তেই আঁচনিখন ৰাইজৰ মাজলৈ লৈ যোৱাৰ চেষ্টা চলাব মেঘালয় চৰকাৰে।