/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/08/spicejet-rna.jpg)
ডিজিটেল সংবাদ, ডিব্ৰুগড়ঃ বিমান যাত্ৰীৰ বাবে সুখবৰ। পোনপ্ৰথমবাৰৰ বাবে ডিব্ৰুগড়ৰ মোহনবাৰী বিমান বন্দৰৰ পৰা বেংককৰ সুৱৰ্ণভূমি বিমান বন্দৰলৈ চলিব বিমান। ১ ছেপ্তেম্বৰৰ পৰা প্ৰতিদিনে স্পাইছজেটৰ এখন বিমান ডিব্ৰুগড়ৰ পৰা কলকাতা হৈ বেংককলৈ উৰা মাৰিব।
উজনি অসমৰ লগতে চুবুৰীয়া ৰাজ্য অৰুণাচল নাগালেণ্ডৰ বহু লোকৰ বিদেশ ভ্ৰমণৰ সপোন এতিয়া সহজতে পূৰ্ণ হ'ব। ১ ছেপ্তেম্বৰৰ পৰা প্ৰতিদিনে দিনৰ ২-১৫ বজাত ডিব্ৰুগড়ৰ মোহনবাৰীৰ পৰা উৰা মৰিব আৰু ৪-১০ বজাত বেংককৰ সুৱৰ্ণভূমিত অৱতৰণ কৰিব।
ঠিক সেইদৰে বেংককৰ সুৱৰ্ণভূমি বিমান বন্দৰৰ পৰা ৫-১০ বজাত উৰা মাৰিব আৰু দিনৰ ১০-১০ বজাত ডিব্ৰুগড়ৰ মোহনবাৰীত অৱতৰণ কৰিব স্পাইছজেটৰ বিমানখনে। ইয়াৰ লগে লগে বিমান যাত্ৰাত সূচনা হব এক নতুন যুগৰ।