/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2020/06/report-kanyaka.jpg)
এইয়া থলুৱা লোকে বজাৰ দখল কৰাৰ সময়। চিন্তাৰ পৰিধি বিশাল কৰি জাতি আৰু সমাজৰ উজ্জ্বল ভৱিষ্যতৰ কামনা কৰি প্ৰতিজন লোকেই আত্মনিৰ্ভৰ হোৱাৰ সময় সমাগত। বহিঃৰাজ্যত থাকি কাম কৰাৰ পৰিৱৰ্তে অসমতে সকলো অসমীয়াই কাম কৰি ৰাজ্যৰ অৰ্থনীতি সৱল কৰাৰ সময় এইয়া। এইক্ষেত্ৰত নেতৃত্ব দিব পাৰে ভৰলীপৰীয়া কন্যকা বহুমুখী পামে। সমগ্ৰ অসমে ল'ব পাৰে কন্যকাৰ আদৰ্শ। এই বিশেষ পামখননো কিয় সকলোৰে মুখে মুখে? পলাশ জ্যোতি গগৈৰ কন্যকাৰ সকলো পৰিৱেশ অধ্যয়নেৰে প্ৰথমখন প্ৰতিবেদন।
ভাগ ভাগ নহৈ একেলগে কৰা কামত সফলতা অহাটো নিশ্চিত। এসময়ত দেশৰ লগতে অসমতো এনে এক লক্ষ্যৰেই কৃষিক্ষেত্ৰখনক দেশৰ অৰ্থনীতিৰ আধাৰৰূপে গঢ়ি তোলাৰ লক্ষ্যৰে আৰম্ভ হৈছিল সমবায় আন্দোলন। মহাত্মা গান্ধী বা আচাৰ্য বিনোৱা ভাবেৰো সপোন আছিল এনে এক সমবায় আন্দোলনৰ মাধ্যমেৰেই সমগ্ৰ দেশৰ সমাজ আৰু অৰ্থনীতিৰ মূল পৰিকাঠামো আমূল পৰিবৰ্তন সাধন।
প্ৰাক-স্বাধীনতা কালৰ সেই সপোন পিছে পৰৱৰ্তী সময়ত দূৰ দৃষ্টিহীন চৰকাৰ তথা প্ৰশাসনৰ ভুল নীতিৰ বাবে নিস্প্ৰভ হৈ পৰিল। শেহতীয়াকৈ অৱশ্যে কোৰোনাই থানবান কৰি পেলুওৱা ভাৰতীয় অৰ্থনীতিক পুনৰ থানথিত লগোৱাৰ চিন্তাৰ সৈতে চৰকাৰী পৰিকল্পনাতো সাঙুৰ খাই পৰিছে গ্ৰাম্য অৰ্থনীতিৰ সামূহিক বিকাশৰ বাবে উমৈহতীয়া পদক্ষেপৰ প্ৰসংগ।
সাৰ্বজনীন সত্যটো হ'ল সফলতাই আপোনাক খেদি নাহে, সফলতাৰ মূল মন্ত্ৰক আপুনি আওৰাব পাৰিলে জীৱনলৈ আহিব পাৰে পৰিৱৰ্তন। তেনে পৰিবৰ্তনেই আহিলে এইখন অসমৰে এটা বিধানসভা সমষ্টিলৈ। ১২৬ টা সমষ্টিৰ মাজত আজি চকুত লগা হৈছে এই বিশেষ সমষ্টিটো। অৰ্থনীতিবিদৰ গ্ৰাম্য অৰ্থনীতিৰ সংজ্ঞাৰ পৰা প্ৰধানমন্ত্ৰীৰ আত্মনিৰ্ভৰ ভাৰতৰ সংজ্ঞাৰ এটা উজ্বল উদাহৰণ হৈ পৰিছে হাজাৰ হাজাৰ যুৱকে একেলগে দেখা এটা সপোন।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2020/06/Untitled-7-copy-1024x576.jpg)
শাক-পাচলি, মাছ-মাংস, গাখীৰ, কণী, চাহপাত, ফলমূল, চাউলৰ পৰা প্ৰকৃতিৰ সৌন্দৰ্যলৈকে সকলো বিৰাজমান ভৰলীপৰীয়া কন্যকা বহুমুখী পামত। থলুৱাৰ বাবে সংস্থাপন সৃ্ষ্টি আৰু বজাৰ দখলৰ বাবে এক সংগ্ৰাম আৰম্ভ হৈছে কন্যকাত। ২০০৭ চনৰে পৰা কন্যকাক লৈ বহু সপোনৰ সৃষ্টি হৈছিল। ২০১৬ চনত প্ৰাণ পাই উঠিছিল। পৰৱৰ্তী সময়ত ইয়াৰ প্ৰসাৰ হৈছিল। এতিয়া ৬ সহস্ৰাধিক লোকক সাঙুৰি লবলৈ সক্ষম হৈছে কন্যকাই।
চতিয়া সমষ্টিৰ জামুগুৰিত অৱস্থিত কন্যকাই ৰাজ্যৰ বিভিন্ন প্ৰান্তত বজাৰ দখল কৰিবলৈ সক্ষম হৈছে। কেৱল এয়াই নহয়, কন্যকাই বিক্ৰীৰ বাবে আগবঢ়াই দিয়া প্ৰতিটো বস্তুৰে আছে বিশেষ চাহিদা। জামুগুৰিৰ পৰা প্ৰায় ৯ কিলোমিটাৰ নিলগত থকা কন্যকাই মুঠ ২০০০ বিঘা মাটি আগুৰি আছে। কন্যকাৰ নামটো নিৰ্বাচন কৰাৰ ক্ষেত্ৰতো আছে এক ইতিহাস।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2020/06/Untitled-33-copy-1024x413.jpg)
জনশ্ৰুতিমতে কন্যকা আছিল শ্ৰৱণ ঋষিৰ পালিতা কন্যা, যিয়ে শিৱক পাবলৈ হিমালয় পৰ্বতত গভীৰ তপস্যাত বহিছিল। সেই লৈ আনকি চিন্তান্বিত হৈ পৰিছিল খোদ পাৰ্বতী। কিয়নো সহজে ভোল যোৱা ভোলানাথে গভীৰ তপস্যাত বহা কন্যকাক অৱশেষত পত্নীৰূপে বৰণ কৰি লয় বুলি শংকিত হৈছিল তেওঁ। সেয়েহে কন্যকাক তেওঁৰ তপস্যাৰ পৰা বিৰত কৰাৰ উদ্দেশ্যৰে ক'লেগৈ, যদি তুমি শিৱক পাবলৈ বিচাৰা তেতিয়া তোমাৰ চকুলো বৈ গৈ বিশ্বনাথৰ বৰলা শিল স্পৰ্শ কৰিব লাগিব।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2020/06/c4d719ab-6a09-4da6-adba-45aa28898f27-1024x576.jpg)
পাৰ্বতীয়ে ভাবিছিল কন্যকাই এনে অসাধ্য সাধন কৰিব নোৱাৰে। সেই অনুসৰিয়েই চকুলো বোৱালে কন্যকাই। তাৰ পিছতেই চকুপানী গৈ বিশ্বনাথ পোৱাৰ পূৰ্বেই কলিয়াভোমোৰা শিলত থেকা খায়। ভৰলীৰ সৃষ্টি হৈছে কন্যকাৰ চকুলোৰে। তেনে পৰিৱেশৰ বাবেই ভৰলীপৰীয়া ফাৰ্মখনৰ নামো 'কন্যকা' ৰখা হয়। এই জনশ্ৰুতিৰ মূল বাৰ্তাতো হ'ল গভীৰ সাধনা অথবা শ্ৰমৰ মাজেৰেই সাফল্য আহে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2020/06/xdfhgjkreryu-1024x768.jpg)
ভৰলী নদীৰ পাৰত আছে সৰ্বমুঠ ১৫,০০০ বিঘা ভূমি। তাৰে ২০০০ বিঘা ভূমি সামৰি কন্যকাৰ সৃষ্টি হৈছে। কন্যকাৰ মাটিখিনি ভৰলী নৈয়ে এসময়ত এৰি গৈছিল। আজিৰ পৰা ৪০ বছৰ পূৰ্বে তাত আছিল অসমীয়া মানুহৰ গাঁও। প্ৰায় ৩০ বছৰ পূৰ্বে এইখিনি মাটিত চৰ পৰিছিল। তাৰ পিছতে সেই মাটিত অবৈধ আৰু সন্দেহজনক লোকে বাহৰ পাতিছিল।
২০০৭ চনত সেইসমূহ মাটি সন্দেহজনক লোকক খেদি উদ্ধাৰ কৰা হৈছিল। তাৰ পিছতো মাটিসমূহ কন্যকাৰ নামলৈ আনিব পৰা নাছিল। ২০১৬ চনত বিজেপি চৰকাৰ আৰম্ভ হোৱাৰ পাছতে ভৰলীপৰীয়া এই বিশেষ ঠাইখিনি কন্যকাৰ নিজৰ হাতলৈ আহিছিল আৰু ২০১৬ চনৰ ২ ছেপ্তম্বৰত সম্পূৰ্ণ মাংগলিক ৰীতি নীতিৰ মাজেৰে শুভাৰম্ভ হৈছিল "ভৰলী পৰীয়া কন্যকা বহুমুখী পাম"।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2020/06/Untitled-9-copy-1024x768.jpg)
পামখনৰ মূল তত্বাৱধানত আছে চতিয়াৰ বিধায়ক পদ্ম হাজৰিকা। কন্যকাৰ ২০০০ বিঘা ভূমিৰ কোনো স্থানেই অবাবত পৰি ৰোৱা নাই। প্ৰতিটো স্থানৰে হৈছে সদ ব্যৱহাৰ। ফামখনত মাছৰ প্ৰজননৰ পৰা আন জীৱজন্তলৈকে সকলোৰে ক্ষেত্ৰৰে আছে বিশেষ ব্যৱস্থা। ৰাজ্যৰ মাছ, গাখীৰ, কণীৰ বজাৰখন দখল কৰাই প্ৰধান লক্ষ্য কন্যকাৰ। পামখন চাবলৈ যোৱা লোকসকলে কিছু সময় কটাব পৰাকৈ এখন ৰেষ্টুৰেন্টো নিৰ্মাণ কৰা হৈছে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2020/06/res-1024x768.jpg)
১৫ আগষ্টৰ পৰা আৰম্ভ হ'ব ৰেষ্টুৰেন্টখন। মাছৰ উৎপাদনেৰে এক বিপ্লৱৰ আৰম্ভ কৰাই কন্যকাৰ লক্ষ্য। ৫ কোটি মাছৰ পোনা বজাৰলৈ পঠিওৱাৰ লক্ষ্য লোৱা হৈছে। ইতিমধ্যে প্ৰায় ২.৫ কোটি পোনা জন্ম দিয়া হৈছে। মাছৰ খেতি কৰাৰ বাবে আছে ২৬ টা নাৰ্ছাৰী পুখুৰী আৰু ৮ টা ডাঙৰ পুখুৰী। ঠিক তেনেদৰে এটা কণী পাৰিবলগীয়া মাছ (Mother Fish) ৰখা পুখুৰী আছে। ১২ টা গুজৰাটী ম'হ, ১২ টা হৰিণাও আছে কন্যকাত।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2020/06/Untitled-13-copy-1024x576.jpg)
পনিয়ল, লেতেকু, জলফাই, তৰমুজ, ষ্ট্ৰবেৰী, মধুৰী, আটলাছকে আদি কৰি বিভিন্ন ফলমূল আছে কন্যকাত। প্ৰতিজোপা ঔষধিগুণসম্পন্ন গছৰ লগতে শাক-পাচলি আছে কন্যকাত। বৰা, জহা, বড়ো ধানকে আদি কৰি কেবাবিধো ধানৰ খেতি কৰা হয় কন্যকাত। এইবৰ্ষত মুঠ ৫০০ বিঘা ভূমিত কন্যকাত খেতি কৰা হ'ব। তাৰ বাবে ইতিমধ্যে কঠিয়া পৰা হৈছে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2020/06/Untitled-12-copy-1024x768.jpg)
আনহাতে গুমধান, মৰাপাট ইত্যাদিৰো খেতি বহু বিঘা ভূমিত কৰা হৈছে। গৰুৰ বাবে নেপিয়াৰ খেতিও কন্যকাত কৰা হৈছে। ২০০০ বিঘা ভূমিৰ চাৰিওকাষেৰে কোনো অবৈধ লোকে ইচ্ছানুসৰি প্ৰৱেশ কৰিব নোৱাৰাকৈ ৰখাৰ ব্যৱস্থা কৰা হৈছে। কেৱল এয়াই নহয়, পশু খাদ্য প্ৰস্তুত কৰাও ব্যৱস্থা আছে কন্যকাত। তাৰোপৰি কন্যকাৰ দ্বাৰা প্ৰস্তুত কৰা হয় ঘি, পনীৰৰ লগতে গাখীৰৰ পৰা প্ৰস্তুত কৰিব পৰা আন আন বিভিন্ন সামগ্ৰী।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2020/06/Untitled-26-copy-768x1024.jpg)
১০০০ জনী গৰু ৰখাৰ বাবে গোহালিও নিৰ্মাণ কৰি থকা হৈছে কন্যকাত। সেই গোহালি সম্পূৰ্ণ বিজ্ঞানসন্মতভাৱে নিৰ্মাণ কৰি থকা হৈছে। এই গোহালিতে সংলগ্নকৈ আৰু এটা কোঠাৰ ব্যৱস্থা কৰা হৈছে। য'ত পনীৰ, দৈ, ক্ৰীম আদি প্ৰস্তুত কৰি মজুত কৰি ৰাখিব পাৰিব। কন্যকাত সৌৰ শক্তিৰ দ্বাৰা ১০ টাকৈ বৰিং (পানীৰ ব্যৱস্থা)ৰ ব্যৱস্থা কৰা হৈছে। ইয়াৰ দ্বাৰা পানীৰ যোগান ধৰা হ'ব খেতি পথাৰত।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2020/06/kanyaka-nnnn-1024x365.jpg)
কন্যকাৰ গাখীৰ বা আন সামগ্ৰী বিশ্বনাথ, কুসুমটোলা, জামুগুৰি, নাগশংকৰ ইত্যাদি ঠাইত ৰাইজক যোগান ধৰিবলৈ বেটেৰী ৰিক্সাৰ ব্যৱস্থা কৰা হৈছে। তাৰ সমান্তৰালকৈ সৌৰ শক্তিৰে চলা স্কুটিৰো ব্যৱস্থা কৰা হৈছে কন্যকাত।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2020/06/gakhir-1024x576.jpg)
ভৰলীপৰীয়া কন্যকা বহুমুখী পামত দৈনিক ১৫০ জন লোকে কাম কৰে। তাৰে ৫৮ গৰাকী লোকে মাহিলী হিচাবত দৰমহা লাভ কৰে। বাকীসকল লোকক সাপ্তাহিকভাৱে কামৰ বিনিময়ত মজুৰি দিয়া হয়। ইফালে ৰুবলৈও কন্যকাই প্ৰতিবছৰে ১০০ গৰাকী ৰুৱনি ব্যৱহাৰ কৰে। কন্যকাত আছে এটা হোলা। এই হোলাতে আছে বহু পুঠি, খলিহনা, কাৱৈ, গৰৈৰ লগতে আন স্থানীয় মাছ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2020/06/Untitled-16-copy-1024x768.jpg)
কন্যকাত খেতি কৰা প্ৰায় ৪-৫ কুইন্টল জিকা লকডাউনৰ সময়ত বিক্ৰী কৰা হৈছে। কেবা কুইন্টল তৰমুজ আৰু ষ্ট্ৰবেৰীও বিক্ৰী কৰা হৈছে। কন্যকাৰ মাছৰ প্ৰতিকিলোৰ ওজন ২ বছৰত ব্ৰিগেড মাছ ৮ কিলো, বাহু ৫ কিলো, ৰৌ ৪ কিলো, কুহি ডেৰ কিলো পৰ্যন্ত হয়। ২০০ টাৰ ওপৰত গাহৰি আছে কন্যকাত। এই সংখ্যা বৃদ্ধি কৰাৰ বাবে নিৰ্মাণ কৰি থকা হৈছে গাহৰিৰ ফাৰ্ম।
উল্লেখ্য যে, কন্যকাৰ ওপৰত নিৰ্ভৰ কৰিয়ে চতিয়াৰ ২০ টা গাঁও পঞ্চায়ত এলেকাত প্ৰতিটোতে ২০ টাকৈ ৪০০ গোট গঠন কৰা হৈছে। এইসমূহ গোটৰ জৰিয়তে সংস্থাপন লাভ কৰিছে ৪০০০ যুৱকে। ইফালে কিছু কিছু আত্মসহায়ক গোটত মহিলাও জড়িত হৈ আছে। তেওঁলোক সমগ্ৰ সমষ্টিটোৰ বাবেই একো একোটা আদৰ্শ হৈ উজ্বলি উঠিছে।
৪০০ টা গোটৰ প্ৰায় ৯৫ শতাংশই নিজাকৈ একো-একোখন ফাৰ্ম গঢ়ি তুলিছে। প্ৰতিটো গোটেই স্থানীয় বিধায়কৰ যোগেদি চৰকাৰৰ পৰা লাভ কৰা টকাৰে বিভিন্ন কাম কাজ আৰম্ভ কৰিছে। মাছ, কণী, গাখীৰৰ কামতে তেওঁলোকে বেছিকৈ মন দিছে। আন একাংশই গাহৰি ফাৰ্ম খুলিছে আৰু কোনো কোনোৱে হাঁহ, কুকুৰা ইত্যাদিৰ ফাৰ্মো খুলিছে। একাংশই আনৰ মাটি বন্ধক অথবা লিজত লৈ ধান খেতিও কৰিছে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2020/06/copy-1024x768.jpg)
কন্যকাই এইসকল যুৱকক বজাৰ দিবলৈ সক্ষম হৈছে। ফাৰ্ম খোলাৰে পৰা এইসকল যুৱকে নিজৰ কামৰ দ্বাৰা লাভাংশ পাবলৈ সক্ষম হৈছে। মৎস্য পালনৰ এক বিপ্লৱ আৰম্ভ কৰিছে কন্যকাই। কন্যকাৰ আন এক অতি উল্লেখনীয় কাম হৈছে দেওবৰীয়া বিশেষ। প্ৰতি দেওবাৰে কন্যকাৰ নেতৃত্বত এখন বজাৰ চলে। তেওঁলোকে ই-ৰিক্সাৰ জৰিয়তে শাক-পাচলি বিক্ৰী কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2020/06/kanyaka-e-rickshaw-1024x768.jpg)
ইফালে কন্যকাৰ আছে বস্ত্ৰ উদ্যোগ। চাৰিদুৱাৰ আৰু জামুগুৰিত আছে তেওঁলোকৰ বস্ত্ৰ উদ্যোগ। উদ্যোগটোৰ অন্তৰ্গত ১৫০০- ২০০০ শিপিনী আছে। তেওঁলোকৰ একাংশ শিপিনীয়ে প্ৰত্যক্ষভাৱে উদ্যোগটোলৈ আহি কাম কৰে। তেনে শিপিনী আছে ৬৩-৬৪ গৰাকী। শাল আছে ৪৩ খন। যোৱা অক্টোবৰত এইটো উদ্যোগে এবছৰত ভৰি দিছে। আন একাংশ শিপিনীয়ে ঘৰতে কাপোৰ বৈ সেই কাপোৰ কন্যকাক দিয়ে। তাৰ বাবে কন্যকাই প্ৰাপ্যৰ লগতে সূতাৰ যোগান ধৰে।
জামুগুৰিৰ বস্ত্ৰ উদ্যোগত প্ৰতিমাহে উৎপাদন কৰা হয় চেলেং- ২০০ খন।
চাদৰ মেখেলা-৫০ জোৰ।
চাদৰ-১০০ খন।
গামোচা ৩৫০০-৪০০০ খন।
ৰুমাল ১৫০০খন।
চাৰ্ট পিচ-কূৰ্টা ৫০০ ইত্যাদি।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2020/06/Untitled-27-copy-1024x768.jpg)
চাৰি দুৱাৰৰ বস্ত্ৰ উদ্যোগত ৫৬ খন তাঁত শাল আছে। ৫১ গৰাকী শিপীয়ে কাপোৰ বয় এই উদ্যোগত। ১৬ আগষ্ট, ২০১৯ত আৰম্ভ হৈছিল এইটো উদ্যোগ। ভালোকপুং, বগীজুৰি ইত্যাদি ঠাইৰ পৰাও শিপিনী আহে এই উদ্যোগলৈ। চাৰিদুৱাৰৰ উদ্যোগত গামোচাৰ উপৰি কটনৰ ষ্টল, এৰি ষ্টল, চেলেং, দখনা, নিচি গালে ইত্যাদিও বোৱা হয়। যোৱা ডেৰমাহত এইটো উদ্যোগত ২৭০০ গামোচা বজাৰলৈ মুকলি কৰি দিয়া হৈছে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2020/06/521e3e06-ae4c-417f-b066-81cb188f9d11-1-1024x576.jpg)
তেজপুৰৰ গাখীৰ, কণী, পনীৰ ইত্যাদিৰ বজাৰ প্ৰায় দখল কৰিবলৈ সক্ষম হৈছে কন্যকাই। প্ৰয়াস নামৰ এটা বে-চৰকাৰী সংস্থাই তেজপুৰত কন্যকাৰ বজাৰখন চোৱা-চিতা কৰি আছে। তেওঁলোকৰ ২১ গৰাকী উদ্যমী যুৱকে দৈনিক গড়ে ৪৫ মিনিট কাম কৰি মাহেকৰ অন্তত নিজে চলিব পৰাকৈ ধন লাভ কৰে।
দৈনিক ৪২০ লিটাৰ গাখীৰ তেওঁলোকে বিক্ৰী কৰে। দৈও ৫০ লিটাৰ প্ৰতিদিনে তেওঁলোকে বিক্ৰী কৰে। দৈনিক মুঠ ৭০০ লিটাৰ গাখীৰ বিক্ৰী কৰিবলৈ সক্ষম হৈছে কন্যকা। বিভিন্ন গোটৰ পৰা ৪০ টকাত কন্যকাই গাখিৰ ক্ৰয় কৰে। সেই গাখীৰ তেজপুৰত যোগান ধৰা হয় ৪৫ টকাত। প্ৰয়াসে ৰাইজক ৫০ টকাত প্ৰতিলিটাৰ গাখীৰ বিক্ৰী কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2020/06/Untitled-32-copy-1024x412.jpg)
কন্যকাই ৪০০ গোটক নাবাৰ্ডৰ তৰফৰ পৰা ধন প্ৰদান কৰিছে। সেই ধনেৰে তেওঁলোকে কাম কৰাৰ ক্ষেত্ৰত কন্যকাই প্ৰত্যক্ষভাৱে সহায় কৰিছে। ছাগলী, গাখীৰ, কণী, মাছ, হাঁহ, কুকুৰা ইত্যাদি বিক্ৰীৰ ক্ষেত্ৰত কন্যকাই এখন বজাৰ গোটসমূহক দিছে। গৰু পুহিবলৈ ক্ৰয় কৰাৰ ক্ষেত্ৰতো সহায় কৰে কন্যকাই। ৰাজ্যৰ বাহিৰৰ পৰা গৰু কিনি আনি কন্যকাই যোগান ধৰে। বৈজ্ঞানিক ধৰণেৰে খেতি কৰাৰ বাবে কন্যকাই সহায় কৰে।
এহেজাৰ লোকক মাৰ্কেটিঙত লগোৱাৰ লক্ষ্য কন্যকাৰ। অহা ৫ বছৰত সমগ্ৰ অসমৰ বজাৰ দখলৰ লক্ষ্য কন্যকাৰ। ভৰলীপৰীয়া কন্যকা পামৰ আছে খাটি সৰিয়হৰ তেল। তেওঁলোকে নিজাকৈ কৰা খেতিৰ সৰিয়হ পেৰি তাৰ দ্বাৰা তেল উৎপন্ন কৰে। কন্যকাই দৈনিক ১২০০ লিটাৰ তেল উৎপন্ন কৰে। ৰাজ্যৰ বাহিৰলৈ প্ৰেৰণ কৰা হয় এই তেল। প্ৰয়োজন হোৱা সৰিয়হৰ ৭৫ শতাংশ আহে কন্যকাৰ নিজা খেতিৰ পৰা। আনহাতে ২৫ শতাংশ স্থানীয় ৰাইজৰ পৰা ক্ৰয় কৰা হয়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2020/06/Untitled-28-copy-1024x576.jpg)
১৩০ টকাৰ দৰত খুচুৰাকৈ তেল বিক্ৰী কৰা হয়। পাইকাৰী দৰত তেলৰ প্ৰতিটো বটলত ১২০ টকা। ঠিক তেনেদৰে অধিক বিক্ৰীৰ মূল্য ১৫০ টকা নিৰ্ধাৰিত কৰা থাকে। আনক যদি বিভিন্ন গোটে ৪০ টকাত সৰিয়হ বিক্ৰী কৰে তেতিয়া কন্যকাত বিক্ৰী কৰিলে খেতিয়কে লাভ কৰে ৩৪-৩৫ টকা। ১১ জন কন্যকাৰ তেল উদ্যোগটোত কাম কৰি আছে। কন্যকাৰ আছে এটা শৰীৰ চৰ্চা কেন্দ্ৰ।
এইয়া এক বিপ্লৱ। কন্যকাৰ এই বিপ্লৱলৈ প্ৰতিজন লোকে সহাৰি আগবঢ়াইছে। চতিয়াই এক স্ব-নিৰ্ভৰশীলতাৰ নিদৰ্শন দেখুৱাবলৈ সক্ষম হৈছে। পূৰ্বে সুৰা সেৱন কৰা লোকসকলে এতিয়া কামকলৈয়েই ব্যস্ত থাকে। মানুহৰ মানসিকতাৰ সলনি কৰিবলৈ সক্ষম হৈছে কন্যকা। অনাগত দিনত কন্যকাই সামৰি লোৱা ঠাইৰ মানুহৰ অভ্যাস, কাম কৰাৰ কৌশল আৰু ইচ্ছা শক্তিয়ে সমগ্ৰ ঠাইখনৰে নক্সা সলনি কৰি দিছে। চৰকাৰৰ কাম কাজ কাগজে পত্ৰই সীমাবদ্ধ।
কিন্তু কন্যকাই সেই ধাৰণা সলনি কৰি দিছে। অসমত নথকা মাল্টিপুল ক্ৰপিঙৰ ধৰণা সলনি কৰিবলৈ সক্ষম হৈছে কন্যকাই। নিৰ্দিষ্ট সময়ৰ বাবে বিভিন্ন ঠাইত একাধিক খেতি কৰা হৈছে ভৰলীপৰীয়া কন্যকা বহুমুখী পামত। কেৱল এয়ে নহয়, প্ৰশিক্ষণৰো ব্যৱস্থা কন্যকাৰ তৰফৰ পৰা কৰা হৈছে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2020/06/Untitled-18-copy-1024x576.jpg)
কন্যকাৰ দাতিকাষৰীয়া স্থানত বৰ্তমান থাকিব পৰা নাই কোনো সন্দেহজনক লোক। ঠাই দখল কৰি থকা লোকক উচ্ছেদ কৰে প্ৰশাসনে। লগতে সমষ্টিৰ নিজা ঘৰ নাইকীয়া লোকক সংস্থাপিত কৰাৰ বাবেও কৰা হৈছে ব্যৱস্থা। ইতিমধ্যে চতিয়া সমষ্টিৰ পৰা ৫১২ টা পৰিয়ালক উচ্ছেদ কৰা হৈছে। সেইসমূহ পৰিয়ালক খেদি দিয়া হৈছে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2020/06/ghah-1024x768.jpg)
সামাজিক চিন্তাধাৰাৰে কন্যকাই সকলো লোকৰে দৃষ্টিহৰণ কৰিছে। যাৰ বাবে দল, মত, নিৰ্বিশেষেও বিভিন্নজন বিধায়কে কন্যকাৰ কাম পৰিদৰ্শন কৰি নিজাকৈ সেয়া আৰম্ভ কৰাৰ কথা ৰাজহুৱা কৰিছে। সকলো লোকৰ বাবেই কন্যকা হৈ পৰিছে এটা চিনাকি।
ৰাজ্যচৰকাৰৰ মন্ত্ৰী কেইবাগৰাকীও বিগত কেইদিনত গৈছে কন্যকালৈ। অনাগত দিনত বৃদ্ধি পাব সেইসকল লোকৰ কন্যকালৈ যাত্ৰা। এসপ্তাহৰ ভিতৰত ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীও কন্যকালৈ যোৱাৰ বাবে যো-জা চলাই থকা বুলি এক সূত্ৰই দাবী কৰিছে। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কন্যকাৰ আৰ্হিৰে গঢ়ি উঠিবলগা এখন গাঁৱক মডেল ভিলেজ ঘোষণা কৰিব। কন্যকা বুলি ক'লে সাধাৰণতে কোনো এজন লোকৰ ভৰলীপৰীয়া কন্যকা বহুমুখী পামখনৰ কথাকে মনলৈ আহে। কিন্তু কন্যকাই ইয়াৰ সমান্তৰালকৈ ৪০০ টা গোটৰ ৪০০০ যুৱকৰ লগতে শিপিনী তথা আন মানুহবোৰকো সাঙুৰি লৈছে। এই কথা বহু লোকে নাজানে।
দিনক দিনে কন্যকাৰ ঠাইৰ প্ৰসাৰ ঘটিছে। শেহতীয়াকৈ ১,১৭৬ বিঘা মাটি কন্যকালৈ আবন্টন দিছে অসম চৰকাৰৰ কেবিনেটে। পামখনৰ প্ৰসংগত এতিয়া যোগাত্মক চৰ্চা দেখিবলৈ পোৱা গৈছে প্ৰতিগৰাকী লোকৰ মুখত। থলুৱাৰ ওপৰত নিৰ্ভৰ কৰি জৈৱিকভাৱে সাৰ-জাৱৰেৰে কৰা খেতিয়ে অধিক লোকৰ মাজলৈ আশাৰ সঞ্চাৰ কৰিছে। এগৰাকী বিধায়কৰ তত্বাৱধানত গঢ়ি উঠা এই বিপ্লৱ দেখি প্ৰতিগৰাকী লোকেই এই পথেৰেই ভৱিষ্যতৰ বাবে বাট বুলিছে। প্ৰতিজন লোকেই পুনৰবাৰ কবলৈ আৰম্ভ কৰিছে,